বৰ্তমান সময়ত শিশুৰ মানসিক অৱস্থা | ৰশ্মি ভট্টাচার্য

©Admin
0
সাম্প্ৰতিক যুগটো হৈছে প্ৰত্যাহ্বানৰ যুগ। প্ৰত্যাহ্বানৰ দেওনা পাৰ হওঁতে হওঁতে বহু সময়ত মানুহে জীৱনৰ সৰু সৰু সুখ অনুভৱ কৰাৰ পৰা বঞ্চিত হৈছে। প্ৰায় দুই বছৰৰ পৰা মানৱজাতি ক'ভিড মহামাৰীৰ সৈতে যুঁজি আছে, লগতে সমাজত ঘটি থকা অঘটনসমূহৰ সাক্ষী হৈ ৰৈছে। এইক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাত ব্যাঘাত জন্মাৰ যথেষ্ট থল আছে। বৰ্তমান সময়ত মানুহ আধুনিকতাৰ জোৱাৰত উটি ভাঁহি ফুৰিছে, যদিও কোনোবাখিনিত অলপ খুঁট ৰৈ যোৱা যেন অনুভৱ হয়। কিয়নো ভাৰতৰ দৰে এখন উন্নতশীল ৰাষ্ট্ৰৰ বহুতো লোকে এতিয়াওঁ মানসিক স্বাস্থ্য সম্পৰ্কে সজাগ নহয়। বহুতো লোকে মানসিক স্বাস্থ্যৰ উন্নতি বুলিলে কেৱল ব্যক্তিৰ বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়। কিন্তু মানসিক স্বাস্থ্য কেৱল ব্যক্তিৰ বুদ্ধিমত্তাতে সীমাৱদ্ধ হৈ থকা নাই। ই মানুহৰ ব্যক্তিত্ত্ব, আচৰণ, জীৱন যাপনৰ কৌশল আদি সকলো দিশ সাঙুৰি লৈছে। দেখা যায় সময় আৰু পৰিস্থিতিৰ পৰিপেক্ষিতত ব্যক্তিৰ মানসিক অৱস্থাৰ বহুতো পৰিৱৰ্তন ঘটে। এইক্ষেত্ৰত বৰ্তমান আধুনিকতাৰ প্ৰভাৱ আৰু ক'ভিডকালীন পৰিস্থিতিয়ে শিশুসকলৰ মানসিক অৱস্থা কিদৰে নিৰ্ধাৰণ কৰিছে, সেয়া এক গুৰুত্বপূৰ্ণ বিষয়। পখিলা খেদা বয়সত ঘৰৰ চাৰিসীমাৰ মাজত  আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত শিশুসকলৰ মানসিক স্বাস্থ্যৰ কিমান বিকাশ ঘটিছে, তাকো আলোচনা কৰিবলগীয়া। আমি জানো যে, শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেলা ধূলাৰ অত্যন্ত প্ৰয়োজন। কিন্ত ক'ভিডকালীন সময়ত শিশুসকলে খেলপথাৰত গৈ সমনীয়াৰ লগত খেলা ধূলা কৰাৰ পৰা বঞ্চিত হৈছে, যি এক উদ্বেগজনক বিষয়। তদুপৰি বিদ্যালয় বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত শিশুসকল পঢ়া-শুনাৰ প্ৰতি অমনোযোগী হোৱাৰ উপৰিও সামাজিক বিকাশ সাধনৰ কৌশল আয়ত্ত কৰাৰ পৰা বহু পৰিমানে বঞ্চিত হৈছে। এনে কাৰণৰ ফলত শিশুসকলৰ উদ্যম, ফূৰ্তি আদি হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। তদুপৰি শিশুসকলে ক'ভিডকালীন পৰিস্থিতিৰ অজুহাতত আৰু লগতে ভাৰ্চুৱেল শ্ৰেণীৰ নামত মোবাইলটো লগৰী কৰি লৈছে। শ্ৰেণী গ্ৰহণৰ বাদে আন সময়ত মোবাইলত ভিডিঅ' চোৱা, গেম খেলা আদিৰ জৰিয়তে শিশুসকলে  নিজক ব্যস্ত কৰি ৰাখিব বিচাৰে। এইক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ ভিডিঅ' চাইছে বা কিমান সময়জুৰি গেম খেলি আছে, সেইকথা অভিভাৱকে লক্ষ্য কৰা প্ৰয়োজন। প্ৰযুক্তিবিদ্যাৰ এনে আহিলাৰ অত্যাধিক  ব্যৱহাৰে শিশুৰ শৰীৰ আৰু মগজুৰ গতিশীলতাত বাধা জন্মায়,লগতে শিশুক বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে শিশুৰ এনে দিশবোৰৰ প্ৰতি পিতৃ-মাতৃৰ যথেষ্ট কৰণীয় আছে। এইক্ষেত্ৰত বিভিন্ন অভ্যাসৰ সৃষ্টি কৰি শিশুৰ মানসিক স্বাস্থ্য উন্নত কৰিব পৰা যায়। দৈনন্দিন যোগাসন, শৰীৰ চৰ্চা, খেল- ধেমালি, কিতাপ পঢ়া, নিজৰ ৰুচি অনুসৰি সৃষ্টিশীল কাম কৰা ইত্যাদিৰ জৰিয়তে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধন কৰাৰ বহুতো উপায় আছে। যিহেতু লাহে লাহে বিদ্যালয়সমূহ খুলিব ধৰিছে,গতিকে পিতৃ-মাতৃ, শিক্ষক আৰু সমাজখনে শিশুৰ বৌদ্ধিক আৰু মানসিক দিশৰ উন্নতিৰ লগতে সমসাময়িক অৱস্থাত শিশুসকলে সন্মুখীন হ'ব পৰা যিকোনো পৰিস্থিতিৰ লগত যুঁজ দিব পৰাকৈ তেওঁলোকৰ মানসিক স্বাস্থ্য পৰিপক্ক কৰাত গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে।

                                                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)