ফাগুনৰ উতলা বতাহ-মাইনু গগৈ

ফাগুনৰ উতলা বতাহ জাকে 
মোক জোকাৰি যায়,
পচোৱা বতাহে উৰুৱাই লৈ যায় 
মোৰ চুলিটাৰিও.....
মাঘৰ ডাঠ কুঁৱলিক উৰুৱাই লৈ যায়
দিগন্তৰ বুকুলৈ....
ধূলিকণা বিলাক ও নাথাকে ৰৈ,
ফাগুনৰ সৈতে খেলা কৰিবলৈ।
ফাগুন মানেই পচোৱা....
ফাগুন মানেই ৰঙা মদাৰ্‌
মদাৰ ফুলে যে ৰাঙলী হৈ
লঠঙা, নগ্ন মদাৰ শান্ত হৈ চাই ৰ'ল 
অচল হৈ ৰ'ল ফাগুনৰ বতাহত।
কেতিয়াবা ঠাণ্ডা,কেতিয়াবা গৰম
কেতিয়াবা বতাহৰ ঘোমা মৰা বতৰ,
ফাগুন তুমি ৰঙা মদাৰ ফুলৰ দৰেই সুন্দৰ।
তুমি "ফাগুন" অহাৰ সময়তেই
চাহ গছেও সলায় গা-গছৰ ৰূপৰ,
লঠঙা সকলো পুলি...
বিসৰ্জন দিলা সকলো চাহ-বাগানক আজি।
চাহ-বাগিচাৰ শ্ৰমিকেও ল'লে,
তোমাক সুঁৱৰি বিশ্ৰাম বাসস্থান স্থলিত।।
তুমি "ফাগুন" চক্‌মকীয়া ৰংঙৰ 
সকলোৰে প্ৰিয়, 'ৰঙীন' মাহৰ 
এক প্ৰকৃতিৰ মনমুগ্ধ মাহ সোঁৱৰি আছো আমি
নাযাওঁ তোমাক পাহৰি,
'ফাগুনৰ উতলা বতাহ' জাকক
দিম বিদায় প্ৰণাম কৰি।।

✍️মাইনু গগৈ
যোৰহাট

Post a Comment

Previous Post Next Post