প্ৰিয় জন

আঘাতৰ ওঁঠ থৈ
অনুভৱ কৰিব বিচাৰোঁ ।
আচলতে সমস্ত সংঘাতৰ স'তে
মই মুখামুখি হ'ব খোজোঁ
প্ৰিয় মানুহ !
তোমাৰ চিনাকি দিয়া
বৰ্ণময় আৱৰণ খুলি
মই সাহসেৰে প্ৰত্যক্ষ কৰোঁ তোমাক ।
এবাৰ তোমাৰ চিনাকি দিয়া  
বৰ্ণময় আৱৰণ খুলি
তুমি এবাৰ সত্য হোৱা ।।        


✍🏻মনালিছা দেৱী (মুমু)

Post a Comment

Previous Post Next Post