তোমাৰ প্ৰতিটো ৰাতিয়েই হওক পূৰ্ণিমাৰ ৰাতি

©Admin
0
লক্ ডাউন খুলিলেই মই সোমাই যাম
তোমাৰ হৃদয়ৰ প্ৰতিটো খোজত
ভেনামাখি পৰাৰ দৰে মোহাচ্ছন্ন কৰিম
তোমাৰ মৰমৰ প্ৰতিটো ভাঁজত ।

কিনকিনীয়া বৰষুণ পৰাৰ দৰেই তুমি
উকমুকাই নাথাকিবা খপজপ কৰি
হাজাৰ হওক ডাঠ বৰষুণ জাকেই ভাল
হৃদয়ৰ প্ৰতিডাল চুলি জোকাৰি জোকাৰি ।

তোমাৰ প্ৰতিটো ৰাতিয়েই হওক
পূৰ্ণিমাৰ ৰাতিৰ দৰে জোনাক
সজীৱ কৰি ৰাখিব বিচাৰোঁ তোমাক
হৃদয়ৰ প্ৰেমৰ প্ৰতিটো দস্তাবেজ ।

তুমি লগ পালেই নোসোধিবা মোক
মই তোমাক ভাল পাওঁ কিমান !
তুমি মোক লগ পালেই নোখোজিবা
প্ৰতিটো দিনৰ প্ৰেমৰ মূল্য কিমান ?

তুমিটো নাজানা হৃদয়ত কিমান বা বলিলে
হৃদয়খন পূৰ্ণ হ'ব মৰমেৰে
তুমিটো নাজানা আকাশখন কিমান ওখ হ'লে
তৰাৰ তিৰবিৰণি দেখা পায় !

মইটো ময়েই ,
বিশাল সাগৰৰ এটি মণি মুকুতা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)