জাৰউইম খণ্ড ৭ | ধাৰাবাহিক উপন্যাস | ৰাজেন দাস

©Admin
0
" টু-ৰ-টু-ৰ-টু-টু-টু... "
জুম জুম কৈ থকা কুকুৰা জাকলৈ চাউলখিনি চোতালত ছটিয়াইছে । নহ'লে ইটোৱে সিটোক খাবলৈ নিদিব । গচকিব । ফেনেকিব । খিচিৰ-মিচিৰ কৰিব । কাজিয়া লাগিব । ডাঙৰৰ ৰাজত্ব হ'ব । অৱশ্যে কুকুৰাৰ মাকে পোৱালীকেইটাক অতি মৰমেৰে খাবলৈ দিয়ে । নিজেও অংশগ্ৰহণ কৰে । নিৰাপত্তা দিয়ে । চাউল খাওতে সৰু সৰু চুবুৰীয়া হৈ পৰে । ধেমালি কৰোঁতে একেলগে থাকে । সজাৰ ভিতৰত মাকৰ বুকুৰ উমত থাকে । স্বৰ্গসুখত । পোক-পটঙ্গ খোৱাই-বোৱাই ৰাখে । মৰম কৰে । পোক এটা খুৱাই দিয়া দৃশ্য মনকৰিবলগীয়া । দুখন মুখ । দুখন যেন চেপেনা ।
   "আ---আ--আ... "
    কিমান যে মৰম । মৰমত দিয়ে । লাহেকৈ মুখত বাকি । মাটিখিনি খুচৰা-খুচৰি কৰে । কুকুৰাৰ এই স্বভাৱটোৱে সিহঁতৰ নিজৰ পচন্দটো বিচাৰি উলিয়াই । কিন্তু ঠাইখিনি লেতেৰা কৰি দিয়ে । গৃহস্থালী ঘৰত এনে কৰিলে দুয়োঘৰৰ মাজত দণ্ড হয় । পাতলীয়া ।

ক্ৰমশঃ

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)