২১ ফ্ৰেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Aditi Tanti
0
🛑আজিৰ তাৰিখ ২১ ফেব্ৰুৱাৰী
উল্লেখযোগ্য দিৱস সমূহ : ------
(১) আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ৷
⭕আন্তৰাষ্ট্ৰীয় ঘটনা:
(১) ১৮৪২ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত চিলাই মেচিন পেটেণ্ট কৰা হৈছে।
(২) ১৮৪৮ চনৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্স আৰু ফেডৰিক এঞ্জেলছে কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল।
(৩) ১৯২৫ চনৰ আজিৰ দিনটোতে নিউৱৰ্ক মেগাজিনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ৷
(৪) ১৯৪৬ চনৰ আজিৰ দিনটোতে ইজিপ্টতে ব্ৰিটেইনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰে ।
(৫) ১৯৭৪ চনৰ আজিৰ দিনটোতে যুগোস্লাভিয়াৰ সংবিধান গ্ৰহণ কৰে।
⭕ৰাষ্ট্ৰীয় ঘটনা:
(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে লাহোৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছিল।
(২) ১৯৫৯ চনৰ আজিৰ দিনতে নতুন দিল্লীত প্ৰেছ ক্লাব অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয় ৷
(৩) ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতত হায়দৰাবাদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ১৭ জন লোক নিহত হৈছিল আৰু ১১৯ জন আহত হৈছিল।
⭕জন্ম : 
(১) ১৮৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী শান্তি স্বৰূপ ভাটনগৰ জন্ম হৈছিল ।
(২) ১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ আৰু গল্পকাৰ সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰলা জন্ম হৈছিল। 
⭕মৃত্যু : 
(১) ১৭০৭ চনৰ আজিৰ দিনটোতে ঔৰংগজেবৰ আহমেদনগৰত মৃত্যু হৈছিল।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমাৰ বিখ্যাত চৰিত্ৰ অভিনেতা ওম প্ৰকাশৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)