জোনাক হৈ আহিবাচোন কেতিয়াবা
মোৰ অন্ধকাৰময় আকাশখনলৈ ,
তোমাক চায়ে জিৰণি লʼম সদায়।।
তোমাৰ বাবে জোনটো আনি দিব নোৱাৰিম চাগে মই,
কিন্তু তোমাৰ জোনটো হৈ সদায় তোমাৰ লগত থাকিম বুলি
প্ৰতিশ্ৰুতি দিব পাৰিম।।
ৰুক্মিণী হ'ব নোৱাৰিম চাগে মই,
কিন্তু ৰাধাৰ দৰে সদায় তোমাৰ ছাঁটো হৈ থাকিম
তোমাৰ লগত।।
তুমি জানো নুবুজা মোৰ মনৰ কথাবোৰ,
তুমি জানো নেদেখা মোৰ হৃদয়ত আঁকি থোৱা
তোমাৰ ছবিখন।।
মই কিন্তু তুমি নক’লেও বুজি পাওঁ
তোমাৰ মনৰ কথাবোৰ
কিমান লুকুৱাবা আৰু, কৈ দিয়ানা এবাৰ--
ʼʼ ভাল পাওঁ তোমাক ʼʼ
কিজানি তোমাৰ এই কথাষাৰে মোৰ হৃদয়ৰ
মৰহি যোৱা ফুলপাহ পুনৰ ফুলাত সহায় কৰেই। ।
সেই আশাৰে...
ৰৈ আছোঁ তোমাৰ বাবে....
✍ হিমাশ্ৰী বৰা, একাদশ মান
টীয়ক মাজ গাওঁ
কবিৰ উদ্দেশ্য জ্ঞাত। .................
ReplyDeleteবাকীখিনি ইতিহাস