মূল্য~অণুগল্প-গৌতম মালাকাৰ

©Admin
0
নতুনকৈ চাকৰিত সোমোৱা মীৰাৰ এইবাৰ উলাহৰ শেষ নাই৷ তাই ইমান দিনে মনত পুহি ৰখা সকলোবোৰ ইচ্ছা এতিয়া এটা এটাকৈ পূৰণ কৰি যাব। বুজিব পৰা হোৱা দিনৰে পৰা অভাৱ দেখি দেখি তাই অতিষ্ঠ হৈ পৰিছিল। "দৰিদ্ৰ মানুহৰ সপোন মূল্যহীন" বুলি শুনি অহা কথাষাৰত তাইয়ো লাহে লাহে পতিয়ন যাবলৈ লৈছিল। তথাপিও চাকৰি এটাৰ বাবে কৰণীয় সকলো চেষ্টা মীৰাই ধৈৰ্য সহকাৰে কৰি গৈছিল আৰু পলমকৈ হ'লেও ভাগ্য‌ই তাইৰ কষ্টৰ স্বীকৃতি দিছিল!
             প্ৰথম দৰমহাৰ টকাৰে বুটিকৰ পৰা কিনা মনৰ পছন্দৰ চাদৰ মেখেলাযোৰ মীৰাই আগতীয়াকৈ ঠিক কৰি ৰাখিছে৷ সৰস্বতী পূজা পালেহিয়েই... এইবাৰ তাই লগৰ সকলোৰে লগত সমানে ফেৰ মাৰি হেঁপাহ পলুৱাই পূজা চাই ফুৰিব।
           বেদীৰ সন্মুখত পুষ্পাঞ্জলি ল'বলৈ গৈ মীৰা হঠাৎ চিন্তাত পৰিল, ইমান কষ্ট কৰি উপাৰ্জন কৰা টকা কেইটাৰে লোৱা আদৰৰ কাপোৰসাজ লেতেৰা কৰি তাই মাটিত কেনেকৈ আঁঠু ল’ব ?
           যোৱা বছৰ সৰস্বতী পূজাৰ পিছদিনা মূগাৰ যোৰাটো ওভতাই দিওঁতে খুড়ীয়েকে মন বেয়া কৰাৰ কাৰণটো তাই আজিহে উপলব্ধি কৰিলে!

✍️ গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)