আমি জুপুৰীৰ মানুহ। জুপুৰীৰ মানুহে সপোন নেদেখে। বাস্তৱৰ সৈতে সংঘৰ্ষ কৰোঁতেই দিনবোৰ যায়। সংঘৰ্ষবোৰে ভোকত থকাৰ তাড়নাবোৰৰ কথা কয়, এসাঁজ আনি ৰান্ধি খোৱাৰ কথা কয়। ৰান্ধি থাকোঁতে চালত উৰি ফুৰা ধোঁৱাবোৰে চুবুৰীটোক কয় দিনটোৰ সফলতাৰ কথা। পেট কল মতীয়াই থকা দুপৰীয়াবোৰত বৰটেঙা,জৰাটেঙা এপাত কাটি ভোক পলোৱাৰ ঠিকনাবোৰো 'জুপুৰী'।
"আহাঁ, আমিও আকাশ চাব পাৰো, আকাশৰ তৰা চাই হাঁহিব পাৰো, পাহৰিব পাৰোঁ আমাৰ দিনটোৰ হাঁড়ভঙা পৰিশ্ৰমবোৰ।" এনেদৰে ক'বলৈ আমাক এজন 'লিডাৰ' লাগে। মিছা ভৰষাৰ তাগিদাত নহয়, বাস্তৱৰ সৈতে জী থকাৰ প্ৰেৰণাত। "আমিও পৃথিৱীৰ প্ৰেমত মচগুল হ'ব পাৰোঁ" বুলিবলৈ জুপুৰীৰ পৰা আগবাঢ়ি যোৱাৰ আশাত মোৰ চুবুৰীৰ জুপুৰীবোৰ ৰৈ আছে।
Hundar koi likhi sa Parthana bhl lagil porhi aguwar juwa tumi.....☺️😊
ReplyDeleteধন্যবাদ
DeleteBohut dhonyobad!
Delete