নালাগে দিয়া পঢ়িব মোৰ প্ৰেমৰ কবিতা,
নালাগে দিয়া জানিব মোৰ বুকুৰ বিষময় বেদনা।
নালাগে দিয়া চাব মোৰ অশ্ৰুনিগৰিত চকুযুৰি,
নালাগে কাঢ়িব মোৰ নামত হুমুনিয়াহ।
যান্ত্ৰিকতাময় দৰে হৃদয়
তোমাৰ,
অনুভৱহীন অন্তৰ।
স্পৰ্শিত নহ'ব কাহানিও
মোৰ দুশাৰী মাতত!
নহ'ল হেঁপাহ উভতি চোৱাৰ,
তথাপিও আজি অপেক্ষাৰিত মই
স্মৃতিৰ বেদনা বহু শক্তিশালী।
নোৱাৰিবা নোসোঁৱৰি অতীতৰ কাহিনী।
ৰক্তাক্ত দেহৰ উন্মুক্ত হৃদয়ত
সৰ্বব্যাপী আজি তুমি সিচঁৰিত,
তথাপিও আজি মোৰ সপোন কেৱল মাথোঁ কল্পনাৰিত।
শেষ হৈও আজি যেন সকলো নহয় শেষ!
থাকা তুমি আজি নিজতে মগন,
দেখুৱাই নিজকে অভিমানী।
নকৰাকৈ আক্ষেপ !
মইও সাজি পেলাম
সকলোকে সাঙুৰি,
নাম দি তাৰ প্ৰেমৰ সমাধি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ