তাকে লৈ...
বহুতেই চোন কবিতা ৰচিছে।
"ফাগুনৰে বাহ লাগিল মনতেই"
ক'ত নো....
মোৰ গাত চোন লগায়েই নাই
ফাগুনৰ বা...
ফাগুনত যেনেকৈ ভূ-পৃষ্ঠ
শুকান হৈ গৈছে,
মোৰ জীৱনটোৱো ঠিক একেদৰেই
নিৰস হৈ পৰিছে !!
কোনেনো বুজিবলৈ চেষ্টা কৰিছে
সেই সৰা পাতৰ কাহিনী...
সকলোৱে গছকি আঁতৰিহে গৈছে।
ফাগুনে নুবুজে হৃদয়ৰ বাণী,
সৰা পাতে মনত পেলায়
অতীতৰ কাহিনী !!
ফাগুনৰ ধূলিয়ৰি বাটত
তোমাৰ অপেক্ষাতে ৰৈ থাকিম,
পলাশৰ ৰঙা আবিৰ সানি
নতুনকৈ তোমাৰেই আকিম।