সাধাৰণ জ্ঞান-কুইজ

১/দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
উত্তৰ- বৃষ্টি।

২/ ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি?
উত্তৰ- ঘনশ্যাম খনিকৰ।

৩/ অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ- ২৯০০ k.m 

৪/ অসমৰ কোন ঠাইত গৰমপানীৰ উঁই আছে?
উত্তৰ- গোলাঘাটৰ নামবৰ হাবিত।

৫/ অসমত হিন্দুস্তানী সংগীতৰ ধাৰা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ- স্বৰ্গদেউ ৰুদ্ৰসিংহই।

৬/ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
উত্তৰ- ধৰালৈ যিদিনা নামিব সৰগ।

৭/ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক গৰাকী কোন?
উত্তৰ- গণেশ ফুকন।

৮/ গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ-১৯০৬ চনত।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post