সৰাপাত-ধৃতাশ্ৰী বৰ্মন

কেতিয়াবা অনুভৱ হয়নে?
জীৱন কি? 
 বৈ অহা অশ্ৰুকণে কাণে কাণে কয় 
দুচকু মুদি শব্দবোৰ অনুভৱ কৰা!!

জেতুকাৰ বোলেৰে দুহাত বোলাই লৈছো
ঠিক সন্ধিয়াৰ ৰাংঢালী বেলিটিৰ দৰে।
কিজানিবা দুহাততে বিচাৰি পাওঁ
ভালপোৱাৰ পৰিধি।

কেতিয়াবা আকাশখনলৈও ভয় লাগে
কিজানিবা ডাৱৰে আগুৰি ধৰে।
তথাপিও চোন আকাশখন চোৱাৰ হেঁপাহ। 

সংঘাতৰ এটি এটি পলত হাঁহিব শিকিছোঁ
জীয়াই থাকিব বিচাৰো মাথোঁন 
সেউজীয়াবোৰৰ মাজত। 

হেৰাই যাব নিবিচাৰো মাথোঁ
আকাশৰ নীলাবোৰত 
বিলীন হ'ব খোজো।
তৰা হ'ব নোৱাৰিলেও 
জোনাক হৈ পোহৰাব খোজোঁ।। 

 

Post a Comment

Previous Post Next Post