তল‌সৰা শেৱালী-কল্পনা বৰা

সৌপাহ‌ চোৱা.....
সৌৱা এপাহ তল সৰা শেৱালী,
পুৱাৰ ৰʼদালিৰ কোমল কিৰণত ..
মৰহা ফুলপাহ উঠিছে জিলিকি।
পাহিত জিলিকি উঠিছে
নিৰ্মল নিয়ৰৰ টোপাল,
মৰহা ফুলপাহো যেন
স্নিগ্ধ নিয়ৰৰ সান্নিধ্যত হৈ পৰিছে জিপাল।
ৰʼদালিৰ কোমল কিৰণ,
মনত অবুজ আনন্দৰ শিহৰণ।
সঁচাই,কি যে এক পৰিৱেশ!
অন্তৰত আঁকি লওঁ ....
দিনটোৰ শুভ স্বপ্ন অলেখ..।
আজি যেন তলসৰা শেৱালীৱেও কথা কয়.....,
কাৰোবাৰ সান্নিধ্যত মৰহিও যেন আনন্দ বিচাৰি লয়।
জীৱনটো জানো এনেকোৱাই নহয়?
কাৰোবাৰ পৰশত হৈ পৰে জীৱন মধুৰ সময়।
বেদনাৰে ভৰা হৃদয়ো দেখোন আজি উন্মনা....,
সেয়া জানো নহয় কাৰোবাৰ মৰম ভালপোৱা?
কাৰোবাৰ পৰশত,
কাৰোবাৰ মৰমত,
জীৱনে কৰিছে এনেদৰেই গতি।
প্ৰতি ক্ষণত,
এটি এটি আশা মনত, 
জীৱন যেন আজি বোৱতী সুঁতি।

✍️ কল্পনা বৰা

Post a Comment

Previous Post Next Post