সন্ত শিৰোমণি গুৰু ৰবিদাসদেৱ~জীৱনী-পঙ্কজ ৰবিদাস

সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱ পঞ্চদশ শতিকাৰ ভক্তি আন্দোলনৰ এজন অগ্ৰনী নেতা আছিল। "এক দেৱ , এক সেৱ , এক বিশেষ নাই কেও।"- এই অমোঘ মন্ত্ৰকে মঠ-মন্দিৰ, সাধু-সন্ত, ঋষি-মুনিৰ বাবে বিখ্যাত দেশ বিশাল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শ্ৰীমন্ত শঙ্কৰদেৱ, সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱ, শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকদেৱ, প্ৰশিদ্ধ সন্ত কবিৰ দাস দেৱ আদি বৰেণ্য মহাপুৰুষ সকলে বিভিন্ন পন্থাৰে জনসাধাৰণৰ মাজত নিৰ্গুণবাদী ধাৰণাৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। গুৰু ৰবিদাস দেৱে কৈছে -"তুৰ্ক মজীটি আল্লাহ ধুন্দে, হিন্দু দেৰে ৰাম গোসাঁই। ৰবিদাস ধোন্দিয়া ৰাম ৰহিমকো জান্ মচীদ দেহৰা নহীঁ।" অৰ্থাৎ ইছলামী লোক সকলে ৰহিম বা আল্লাক মছজিদত বিচাৰে আৰু হিন্দুৱে ৰাম বা ভগৱন্তক মন্দিৰত বিচাৰি ফুৰে। সৎগুৰু ৰবিদাস দেৱে কৈছে যে মন্দিৰত নহয়, মানুহৰ হৃদয় বা অন্তৰত বিচাৰিলেই ভগৱন্তক পোৱা যায়। আকৌ গুৰু জনাৰ এই সন্দৰ্ভত আন এক বাণী হ'ল -"দেতা ৰহে হাজাৰ বৰস মুদ্ৰা চাহে আজান। ৰবিদাস খুডা না মিল চকে যো লৌঁ মন চৈতান।" ইয়াৰ অৰ্থ হৈছে মহজিদত মোল্লা বা মৌলৱীয়ে বছৰ বছৰ ধৰি আজান দিলেও মনত চৈতান ভাৱ থাকিলে অৰ্থাৎ মন শুদ্ধ নহ'লে ভগৱন্ত বা আল্লাহৰ কৃপা লাভ কৰিব নোৱাৰে। গুৰু জনাৰ এক প্ৰশিদ্ধ বাণী হ'ল " মন সংগা তৌ কঠৌতি মেঁ গংগা।" অৰ্থাৎ মন নিকা হ'লে গংগা স্নানৰো প্ৰয়োজন নাই, ঘৰত থকা পৰিষ্কাৰ পানীয়েই গংগাৰ তুল্য। ভগৱন্তৰ মহিমা সম্পৰ্কে গুৰু জনাই কৈছে, "যৌ বাত দৱা সে নহিঁ হৌতা; ৱৌ বাত লোৱা সে হৌতা হ্যে।" অৰ্থাৎ কিছুমান ৰোগ ঔষধৰ দ্বাৰা আৰোগ্য নহ'লে ভগৱানৰ দোৱা বা কৃপাত আৰোগ্য সম্ভৱ হৈ উঠে। সমগ্ৰ ভাৰততে তেখেতৰ জন্মোৎসৱ অতি উলহ মালহেৰে উদযাপিত হয়। অষ্ট্ৰিয়া, ইটালী, ফ্ৰান্স, স্পেইন, জাৰ্মানী, গ্ৰীক, ইংলেণ্ড, বাংলাদেশ আদিকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত তেখেতৰ অনুগামী সকলে জয়ন্তী বা আৱিৰ্ভাৱ তিথিত গুৰু জনাক শ্ৰদ্ধাৰে স্মৰন কৰি তেখেতৰ বাণীসমূহ পাঠ কৰে আৰু ভজন কীৰ্তন কৰে। আমাৰ অসমটো ধুবুৰী, বঙাইগাঁও, উদালগুৰি, দৰং, কৰিমগঞ্জ, কাছাৰ, গুৱাহাটী, তেজপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আদি বিভিন্ন জিলাত গুৰু জনাৰ জন্মোৎসৱ উদযাপনৰ বাবে ক'ভিদ প্ৰট'কল মানিয়েই প্ৰস্তুতি চলিছে। উত্তৰ প্ৰদেশৰ কাশীত ৰাষ্ট্ৰীয় ভাৱে জন্মস্থান মন্দিৰ প্ৰাংগনত প্ৰতি বছৰে অনুষ্ঠিত হয়। পঞ্জাৱৰ গুৰু ৰবিদাস দেৱৰ অনুগামী সকলৰ সুবিধাৰ্থে পঞ্জাৱ চৰকাৰে প্ৰতি বছৰে জয়ন্তী উপলক্ষে এখন বিনামূলীয়া বিশেষ ৰেলগাড়ী পঞ্জাৱ ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশৰ মোগলচৰাই ষ্টেচন (বৰ্তমান পণ্ডিত দীনদয়াল উপাধ্যায় ৰেল ষ্টেচন নামেৰে জনা যায়) লৈকে আহিবলৈ ব্যৱস্থা কৰি দিয়াৰ পৰম্পৰা চলি আহিছে। তাৰপৰাই তীৰ্থযাত্ৰী সকলে বাৰানসীত থকা গুৰু ৰবিদাস দেৱ জন্ম স্থান মন্দিৰলৈ যাবলৈ সুবিধা হয়। গুৰু ৰবিদাস দেৱে বেগমপুৰা ৰাজ্যৰ সপোন দেখিছিল। বেগমপুৰা মানে গম বা দুখ নথকা অৰ্থাৎ সকলোৱে অভাৱ অনাটন নোহোৱাকৈ সুখেৰে বসবাস কৰা। সেয়েহে গুৰুজনাই উল্লেখ কৰা বেগমপুৰা শব্দটোৰেই ৰেলগাড়ী খনৰ নাম বেগমপুৰা এক্সপ্ৰেছ দিয়া হৈছে। এইবাৰ গুৰু জয়ন্তীৰ প্ৰাকমুহুৰ্তত ১৪ আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখে গুৰু জনাৰ জীৱন দৰ্শনৰ ওপৰত এখন আন্তৰ্জাতিক চেমিনাৰ বৃটিছ ৰবিদাসীয়া হেৰিটেজ ফাউণ্ডেশ্যন নামৰ সংস্থাৰ সহযোগত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হোৱাৰ প্ৰস্তুতি চলিছে। ইতিপূৰ্বে এই সংস্থাই যোৱা চেপ্তেম্বৰত একে বিষয়ত এখন আন্তৰ্জাতিক চেমিনাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত কৰি গৈছে। গুৰুজনাৰ জন্ম ১৩৭৭ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ কাশীত পিতৃ সন্তুখ দাসৰ ঔৰষত আৰু মাতৃ কলসী দেৱীৰ গৰ্ভত হৈছিল। তেখেতৰ পত্নী লোণা দেৱী আৰু একমাত্ৰ পুত্ৰ বিজয় দাস আছিল। তেখেতৰ ককাকৰ নাম কালু ৰাম আৰু আইতাকৰ নাম লখপতী আছিল বুলি জনা যায়। তেখেতে আনুষ্ঠানিক শিক্ষা পণ্ডিত শাৰদা নন্দৰ টোলত লৈছিল আৰু তেখেতৰ আধ্যাত্মিক গুৰু স্বামী ৰামানন্দ দেৱ আছিল। প্ৰশিদ্ধ ৰামভক্তা তথা চিটোৰৰ ৰানী মীৰাবাঈ গুৰুজনাৰ শিষ্য আছিল। মীৰাবায়ে গুৰু জনাৰ প্ৰসংগত ভজনত উল্লেখ কৰিছে - " গুৰু মিলীয়া ৰবিদাসজী......"আৰু " গুৰু মিলীয়া ৰবিদাসজী, দীনি জ্ঞান কী গুটকী, চোট লগী নিজ নাম হৰি কী সহাৰে হিৱৰে খটকি।" গুৰু জনাই কৈছে যে ঈশ্বৰেহে মানুহ সৃষ্টি কৰিছে, মানুহে ঈশ্বৰৰ সৃষ্টি কৰিব নোৱাৰে। গুৰু জনাই বিশ্ব ভাতৃত্ববোধ আৰু সহিষ্ণুতাৰ জ্ঞান দিছিল। গুৰুজনাৰ মহত্বত প্ৰভাৱিত হৈ চিটোৰৰ মহাৰাণা সাংগা আৰু মহাৰাণী ঝালী, দিল্লীৰ চুলতান ইব্ৰাহিম লোডী, ইছলাম ধৰ্মৰ চডনা কচাই আদিকে ধৰি বিভিন্ন লোকে শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰু জনাৰ ওচৰত বহু সৰু বৰ ৰজা ৰাণী আৰু সমৃদ্ধিশালী ব্যক্তিয়ে শিষ্যত্ব গ্ৰহণ কৰিছিল যদিও তেখেতে কাৰোৰেপৰা কোনো ধৰণৰ ধন বা উপহাৰ আদি নলৈ সহজ‌ সৰল জীৱন যাপন কৰিছিল। তেখেতৰ শুভ জন্ম তিথি উপলক্ষে শ্ৰদ্ধাৰে সুঁৱৰি সভক্তিৰে প্ৰনিপাত
 জনালোঁ।

✍️পঙ্কজ ৰবিদাস
তিনিচুকীয়া

Post a Comment

Previous Post Next Post