ফাগুনে ৰিঙিয়াই মাতিছে লৃগাংৰ বতৰা~ প্ৰবন্ধ-চিন্ময় ডেকা

©Admin
0
ৰাজ্যৰ ভিন্ন প্ৰান্তত আকাশে-বতাহে মুখৰিত কৰি তুলিছে মিচিং বা মিৰি জনগোষ্ঠীলোক সকলৰ এক বসন্ত আগমনৰ কৃষিভিত্তিক লোক উৎসৱ। প্ৰকৃতিৰ চৌদিশে, যেন ৰঙা ফুলীয়া পলাশ , শিমলু , মদাৰে নান্দনিক দৃশ্যপটলৈ শোভাবৰ্ষণ কৰিছে। ন-ৰূপত গাঁৱে-ভূঞে, নগৰে-চহৰে ঐনিতমৰ সুৰত যেন আলি-আয়ে-লৃগাংৰ আখৰাৰ ব্যস্ততা। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আনন্দত আত্মহাৰা হৈ মন উপচি পৰিছে। উল্লেখ্য যে, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে পালন কৰিব কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। এই উৎসৱৰ মাদকতাই সুকীয়া। এক বিৰল ঐতিহ্য বিৰাজ কৰে। অন্যহাতে, এক প্ৰসংগত এই উৎসৱক পৰম্পৰাগত ভাৱে শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও ঐতিহ্যৰে পৰা অভিহিত কৰা হয়৷ অৰ্থাৎ মিচিং ভাষাত "আলি" মানে হৈছে বীজ, "আয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচাৰ অৰ্থ বুজায়। অৰ্থাৎ শস্য সিঁচাৰ আৰম্ভণি। প্ৰচলিত লোকবিশ্বাস অনুসৰি এই উৎসৱত দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; ফলশ্রুতিত শস্যৰ উৎপাদনত আঁসোৱাহ আহি পৰিব। সেয়ে মিচিং সম্প্ৰদায়ৰ লোক সকলে আনন্দত আত্মহাৰা হৈ নৃত্য-গীতৰ মাজেৰে লখিমী আইক সেৱা আগবঢ়াই। এই উৎসৱ বছৰি এবাৰ আহে আৰু যায়, দি যায় পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়ে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে লক্ষ্মী দেৱীক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আহ্বান জনায়। আলি-আয়ে-লৃগাং কেৱল এটা উৎসৱৰ নামেই নহয়, ই মিচিং জন-জীৱনৰ প্ৰাণৰ ভাতৃত্ববোধৰ স্পন্দন। 

✍️চিন্ময় ডেকা ,টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)