সৌন্দৰ্য্যৰ অনামী প্ৰতিযোগিতা
অঘোষিত বুলি কৈ থাকিলে
ঘোষণা চলি থাকিব বাৰম্বাৰ
লেঞ্চবিলাক ঘূৰিব
মেলা চুলিত
ঢিলা খোপাত
ডিঙিৰ অলংকাৰত
দেহৰ নতুন সাজত
কাইলৈ প্ৰতিযোগিতা চলিব
অভিমানৰ গৰ্বৰ
লেঞ্চখনে ঢুকি নাপায় হয়তো
খেতিয়ক পিতাকৰ
ৰঙে চকুত নধৰা কাপোৰ পৰিহিত জীয়ৰীক
ঢুকি নাপায় হয়তো
অহংকাৰী গাৰ বৰণ নথকা গাভৰুক
কাইলৈ প্ৰতিযোগিতা চলিব
অত্যাধুনিকতাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ