বিচ্ছেদ | হিৰণ্য লয়

Rinku Rajowar
0
১/
বিচ্ছিন্ন হ’বা হয়তো আজিয়েই
এই কথা কোনোৱে মোৰ কাণত আহি বাৰে বাৰে কয়।

গাৰ গিলিপ লগাই মই টোপনি যাওঁ
নিৰ্জন নিশব্দতাত প্ৰতিবাদ কৰি চিঞৰি উঠোঁ।

২/
এন্ধাৰৰ আঁহ ফালি
সোঁশৰীৰে থিয় দি আছে দুটা চকু
ইপাৰ-সিপাৰ নমনি মাজতে সাঁকো।

৩/জুইৰ বতাহত উপঙি আছে সোণৰ শীত
মেলি দে তোৰ দুদেও হাত।


কামনা

১/ সপোনত তুমি সঘনে নাহাঁ
তুমি দিঠকৰ কামনা।

২/ কোনে বাৰু
ফুচফুচায় মোৰ বুকুৰ কোণত।

খুলি দেখোঁ মোৰ দুখকে তুমি ভাৰ বৈ আছা একোণত।


✴️হিৰণ্য লয়, গুৱাহাটী
ভ্ৰাম্যভাষ- ৯৯৫৭৭-০৬২০০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)