আজিৰ দিনটোৰ বিশেষত্ব-১ফেব্ৰুৱাৰী

©Admin
0

১ ফেব্ৰুৱাৰী (ইংৰাজী1 Februaryগ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।

১)১৭৮৬ চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।

২)১৮২৭ চনত আজিৰ দিনটোতে  কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।

৩)১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।

৪)১৮৩৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক চিকিমৰ ৰজাৰ পৰা Leaseত লয়।

৫)১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।

৬)১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।

৭)১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।

৮)১৮৮৪ চনৰ আজিৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ কৰা হয়।

৯)১৮৯৭ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।

১০)১৯৩০ চনৰ আজিৰ দিনটোতে The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে ৷ 

১১)১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।

১২)১৯৫৭ চনৰ আজিৰ দিনটোতে বলিউডৰ অভিনেতা জেকী শ্ৰাফৰ জন্ম।

১৩)১৯৭১চনত আজিৰ দিনটোত  ক্ৰিকেটৰ অজয় জাডেজাৰ জন্ম।

১৪)২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হয় ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)