নিস্পন্দ হৃদয়ৰ গীতে,
নিসৰ্গৰ সৌন্দৰ্য্যক ম্লান কৰিছে
নৈঃশব্দ্য মনৰ প্ৰাণে।।
নিস্পৃহ মনে আদৰে নীৰৱতা
কণ্টকময় জীৱন বাটত,
নিস্তেজ প্ৰাণে বিচাৰে সুন্দৰতা
নীৰদৰ নীৰৰ টোপালত।।
নিষ্প্রভ নিশাৰ অনুভৱ বিলাই
নীসংগ ক্ষণবোৰে,
তিমিৰ বেধি নিগৰে নীৰৱ
নিৰলে নদীৰ স'তে।।
নিৰলস হৃদয় আজিও সক্ৰিয়
কিন্তু,
বিহ্বলতাই নিষ্ফল কৰে,
নিৰ্ধন মই আনন্দ-উল্লাসৰ
যি,
জোৎস্নাই পূৰণ নকৰে।।
নিষ্প্ৰভ নিশিৰ অনুভূতি সুকীয়া
যি পূৰ্ণানন্দৰ বৈপৰীত্য,
নিৰস মনৰ অবুজ বাসনা
যাৰ পৰ্য্যৱসান নৈকট্য।
✍️সুশান্ত দাস,শিৱসাগৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ