কৰ'না মহামাৰী আৰু আমাৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত | জোতিপ্ৰিয়া গগৈ

©Admin
0
ক’ৰনা ভাইৰাছ ৰোগ চমুকৈ COVID-19 এ ইতিমধ্যে আমাৰ গোটেই সমাজ ব্যৱস্থাটোকে যেন এক বিপৰ্যয়ৰ দিশলৈ ঠেলি নিলে।লাগিলে ই হওঁক অৰ্থনৈতিক দিশ,শৈক্ষিক দিশ নাইবা সাংস্কৃতিক দিশ।মুঠতে সকলো দিশতেই যেন এক দুৰ্যোগ নমাই আনিলেlক’ভিড-১৯ বা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ জনগণক এক কথাত বিবুধিত পেলাইছে।
     দৈনন্দিন জীৱন খুব সুন্দৰ ভাৱেই চলি আছে।প্ৰতিযোগিতাৰ যুগ যিহেতু,সেই গতিকে নিজকে এই প্ৰতিযোগিতাৰ লগত খাপ খাব পৰাকৈ গঢ়ি তুলাৰ যুঁজখনো চলি আছে।বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগ।মুঠতে সকলোতে সফলতা অৰ্জাৰ স্বাৰ্থত প্ৰতিযোগিতাখন অধিক তীব্ৰতৰ হৈ পৰিছে।ই লাগিলে শিক্ষাৰ্থীসকলৰ মাজতেই হওঁক নাইবা বিশ্বৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ মাজৰ প্ৰতিযোগিতাখনেই হওঁক।আমি যদি বিশ্বৰ ৰাষ্ট্ৰকেইখনলৈ লক্ষ্য কৰোঁ,তেতিয়া হ’লে দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰসমূহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনী ক্ষেত্ৰখনত এক অঘোষিত প্ৰতিযোগিতাৰ আয়োজন কৰি আছে।কোন কিমান আগত দৌৰিব পাৰে।হয়,আমি এইটো মানিব লাগিব যে এই প্ৰতিযোগিতাৰ মানসিকতাই আমাক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰে।নিজক শ্ৰেষ্ঠ প্ৰতিপন্নৰ এই যুঁজখনৰ বাবেই হয়তো আজি বহু পৰিমাণে সমগ্ৰ বিশ্বৰ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবোৰে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে।ইয়াৰ বাবে আমাৰ মানৱ সমাজৰ বহু পৰিমাণে উপকাৰ হৈছে নিশ্চয়।কিন্তু এইটোও আমি নুই কৰিব নোৱাৰোঁ যে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱনী ক্ষেত্ৰখনৰ কিছু কিছু উদ্ভাৱনে মানৱ সভ্যতাৰ প্ৰতি বহুবাৰ ভাবুকিও কঢ়িয়াই আনিছে।ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত এতিয়াও আছে।জাপানৰ হিৰোচিমা আৰু নাগাচাকিৰ ভয়াবহতাৰ কথা আমাৰ সকলোৰে জ্ঞাত।এই দুই ঘটনাক এতিয়াও বিজ্ঞানৰ উদ্ভাৱনৰ অন্যতম নিকৃষ্ট প্ৰয়োগ হিচাপে চিহ্নিত হৈ আহিছে।এই ভয়াবহতাৰ পাছত মানৱ সভ্যতাই বিজ্ঞানক সমাজৰ হিতৰ বাবে ব্যৱহাৰ কৰাত গুৰুত্ব দি আহিছে যদিও দুই এখনৰ অতি ক্ষমতালোভী মানসিকতাই এতিয়াও বিজ্ঞানৰ উদ্ভাৱনক মানুহৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰৱণতা নথকাও নহয়।   উদাহৰণ স্বৰূপে আজি আমি যি দিন দেখিব লগা হৈছে,সকলো এইবিলাকৰে ফলশ্ৰুতি।

       বিশ্বৰ আগশাৰী অনুষ্ঠানবোৰৰ দাবী অনুসৰি চীনৰ "Wuhan"ত থকা "Wuhan Institution of Virology"নামৰ পৰীক্ষাগাৰটিৰ পৰাই দুৰ্ঘটনাবশতঃ এই ভাইৰাছ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল।তাৰেই ফল এতিয়া আমি ভোগ কৰি আছোঁ।এই ভাইৰাছৰ প্ৰভাৱত গোটেই বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা আমাৰ অসমতো সকলোবোৰ স্থবিৰ হৈ পৰিছিল।লাহে লাহে ভাইৰাছটোৱে সকলোকে বেয়াকৈ ক্ষতি কৰিবলৈ আৰম্ভ কৰিলে।২০২০ চনৰ মাৰ্চ মাহত সমগ্ৰ দেশতেই আৰম্ভ হ'ল তলাবন্ধ।যি লকডাউন নামেৰে সকলোৰে মুখে মুখে।সমগ্ৰ দেশৰে যেন উন্নয়ণৰ ধাৰাটো বন্ধ হৈ গ'ল।
   
         বিদ্যালয়, মহাবিদ্যালয়,বিশ্ববিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান সকলোবোৰ বন্ধ হৈ পৰিল।এক যেন গভীৰ সংকটৰ সন্মুখীন হ'ব লগা হ'ল সমগ্ৰ  মানৱ জাতিয়ে।আমি আজি ২০২২ চনত ভৰি দিলোহি।তথাপিও যেন আমাৰ স্বাভাৱিক জীৱন আমি ঘূৰাই পোৱা নাই।এতিয়াও যেন আমি শংকা আৰু অনিশ্চয়তাৰ মাজতেই দিন পাৰ কৰিব লগা হৈছে।বিশেষভাৱে অন্যান্য খণ্ডসমূহৰ লগতে মানৱ সম্পদৰ লগত জড়িত শিক্ষাখণ্ড সমূহৰ বন্ধই এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলালে।তাৰ ফল আমি ছাত্ৰ-ছাত্ৰীসকলে পাই আছোঁ।মই নিজেই এগৰাকী স্নাতকোত্তৰ মহলাৰ ছাত্ৰী।সেই যে কৰ'নাৰ মাজতে বিশ্ববিদ্যালয়ত ভৰি দিছিলোঁ আৰু কৰ'নাৰ মাজতে Online পদ্ধতিৰেই আজি মোৰ স্নাতকোত্তৰ ডিগ্ৰীৰ ২টা বছৰ শেষ হওঁ হওঁ হ'ল।এতিয়া এটা ডাঙৰ প্ৰশ্ন -এই দুইবছৰে Online পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰি  পোৱা ডিগ্ৰীটোৱে মই সুখী হ'ব পাৰিমনে?নাইবা এই Online শিক্ষা ব্যৱস্থাৰে মই কিমান শিক্ষা অৰ্জন কৰিব পাৰিলোঁ?এইদৰে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব লগা হৈছে মোৰ দৰে আৰু হাজাৰজন শিক্ষাৰ্থীয়ে।মুঠৰ ওপৰত বাকী ক্ষেত্ৰ সমূহক বাদ দি কেৱল শিক্ষাৰ ক্ষেত্ৰখনতেই যদি লক্ষ্য কৰোঁ,তেন্তে এই COVID-19 ৰ ফলত এই ক্ষতিপূৰণৰ বাবে অনাগত দিনবোৰত আমি নিশ্চয়কৈ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব।
    
      শিক্ষাৰ্থীসকল আজিও অনিশ্চয়তাৰ মাজত।সম্পূৰ্ণকৈ আজিও বিদ্যালয় সমূহ খুলিব পৰা নাই।এনেদৰে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি দিশত গতি কৰিব সঁচাকৈ এক চিন্তনীয় বিষয়।নতুনকৈ বিদ্যালয় যাব লগীয়া কণ -কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ একো আও-ভাও নুবুজাকৈয়ে বিদ্যালয় যোৱাৰ পৰা বঞ্চিত হ'ব লগা হ'ল।জীৱনৰ দুটা উল্লেখযোগ্য ডাঙৰ পৰীক্ষা হ'ল দশম আৰু দ্বাদশ।য'ত বহু ছাত্ৰ-ছাত্ৰীৰ সপোন জড়িত হৈ থাকে।কিন্তু হ'ল কি যে বিনা পৰীক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাই দিয়া হ'ল।আচলতে ই কিমানদূৰ গ্ৰহণযোগ্য এইয়াও এক ডাঙৰ প্ৰশ্ন।

    
        সকলোতে আৰম্ভ হ'ল অনলাইন পদ্ধতিৰে শিক্ষাব্যৱস্থা।এই ক্ষেত্ৰত অসমৰ বহুতো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল।আচলতে অনলাইনৰ দৰে এটা ব্যৱস্থা  সকলোৰে বাবে সম্ভৱপৰ নহয়।অৱশ্যে দুই এজনে এই ব্যৱস্থা কৰিব পাৰিলেও ই তেনেই তাকৰীয়া।শিক্ষকসকলে বিভিন্ন প্ৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষা দান কৰাৰ চেষ্টা কৰি অহা আমি দেখিবলৈ পাই আহিছোঁ।বিজ্ঞান-প্ৰযুক্তিৰে উপাদান Google Classroom,Google Meet,Zoom app আদিবোৰৰ জৰিয়তে নিজৰ- নিজৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ চেষ্টাত ব্ৰতী হৈছে।কিন্তু অসমৰ যি ভৌগোলিক বিচিত্ৰতা তথা আৰ্থিক বিচিত্ৰতাৰ কথা আমাৰ সকলোৰে জ্ঞাত।তেনেস্থলত সকলোৰে সুবিধা হয়তো নাথাকিবও পাৰে।এই গোটেইখিনি কথা মনত ৰাখি সকলোকে সামৰি লৈ আগুৱাই যোৱাটোহে ডাঙৰ কথা ।লগতে ইয়াৰ বাবে আমাক সঠিক পৰিকল্পনাৰো অতি প্ৰয়োজন।

     বৰ্তমান কলেজসমূহত খুব সাৱধানেৰে শিক্ষাদান পক্ৰিয়া আৰম্ভ হৈছে।লগতে পৰীক্ষাৰ বাবেও যো-জা চলাই থকা হৈছে।কিন্তু এতিয়াও যেন অনিশ্চয়তাবোৰ শেষ হোৱা নাই।এইখিনি সময়ত শেষৰটো ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ যাতে এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় তাৰ প্ৰতিও চকু ৰখাটো জৰুৰী হৈ পৰিছে।লগতে আমি স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়লৈ গৈ আগৰ দৰে আমাৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোহে,কিন্তু কৰ'নাৰ ত্ৰাসত আকৌ আমি ২ মাহ থাকিয়ে ঘৰলৈ উভতি আহিব লগা হ'ল।হ'লেও কিন্তু আমি আশাবাদী।সদায় ভাল দিনৰ আশাত অপেক্ষাৰত।এইবাৰ পিছে আমি বেছি দিন ঘৰত থাকিব লগা নহ'ব।খুব সোনকালেই পুনৰ আমাৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব।আশা ৰাখিছো খুব সোনকালে আমাৰ সমাজখনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহক।এইক্ষেত্ৰত আমি সকলোৱে সাহসেৰে আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰি যাব লাগিব।এতিয়া যাতে আমি সকলোৱে বন্ধ খোলাৰ লগে লগেই আটায়ে যুদ্ধত্তোৰ ক্ষিপ্ৰতাৰে নিজৰ নিজৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে আগবাঢ়ি কৰি যাব লাগিব।তেতিয়াহে আমাৰ মাজত বন্ধই দিয়া ক্ষতি সমূহৰ আমি পূৰণ কৰিবলৈ সক্ষম হ'ম।
        আহক আমি সকলোৱে মিলি হাতে হাত ধৰি এই জটিল সময়ছোৱাত আগবাঢ়ি যাওঁ।জটিলতাৰ সময়ত সকলোৱে সকলোৰে লগ দিওঁ আহক।তেতিয়াহে মানৱ সভ্যতাৰ জয় হ'ব লগতে আমাৰ ভৱিষ্যত সুন্দৰ আৰু সুৰক্ষিত হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)