মোহভংগ -অলকেশ খাটনিয়াৰ

Aditi Tanti
0
সেইদিনাই তাৰ মোহ ভংগ হৈছিল। যেতিয়া তাৰ ঘৈণীয়েক প্ৰিয়াই তাৰ আটাইতকৈ ভাল বন্ধু নীলাম্বৰৰ লগত অন্তৰংগ মুহুৰ্ত কটোৱা দেখিছিল। প্ৰিয়াৰ প্ৰতি নীলয়ৰ যি মৰম সেয়া ঘৃণালৈ সলনি হৈছিল।
এদিন নীলাম্বৰ আৰু প্ৰিয়াৰ সি হাতে-লোটে ধৰা পেলায়। নীলাম্বৰক এটা কাণতলীয়া চৰ মাৰে। তাক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। প্ৰিয়াই নীলয়ৰ খঙ দেখি বেছি ভয় খাইছিল। কাৰণ তাই তাৰ খঙ কেতিয়াও দেখা নাছিল। নীলয়ে তাইৰ লগত সকলো সম্পৰ্ক শেষ কৰি তাইক ঘৰৰ পৰা উলিয়াই দিয়ে।

      কেইদিনমানৰ পিছত নীলাম্বৰ নীলয়ৰ অফিচলৈ আহে। নীলাম্বৰক দেখি তাৰ খঙ উঠে। নীলাম্বৰে তাৰ খঙ দেখিও তাৰ আগত বহি কয় যে তোৰ অভিনয় সঁচাকৈয়ে অস্কাৰ পোৱাৰ যোগ্য। কি অভিনয় কৰিছিল তই। প্ৰিয়াই একো গমেই নাপালে। তই তোৰ ব্যক্তিগত সহায়িকা প্ৰীতিক বিয়া কৰাবলৈ এখন নাটক ৰচনা কৰিলি।

     বন্ধু, তয়ো ভাল অভিনয় কৰিলি কিন্তু। প্ৰিয়াৰ লগত মধূৰ সম্পৰ্ক ‌স্থাপন কৰি নিজৰ মনৰ হাবিয়াস পূৰ কৰিলি। নীলয়ৰ কথা শুনি সি কয় এই সব মই টকাৰ কাৰণে কৰিলো। এতিয়া মোক মোৰ উপহাৰ দে। তাৰ পিছত নীলয়ে তাক দুই লাখ টকাৰ চেক এখন দিয়ে।

     তাৰ কেইদিনমান পিছত প্ৰীতি আৰু নীলয়ৰ বিয়া হয়। বিয়াত উপহাৰবোৰ তেওঁলোক দুয়োজনে চাবলৈ ধৰে। কিন্তু হঠাৎ নীলয়ে এটা সৰু কিন্তু আটাইতকৈ ধুনীয়া উপহাৰ এটা দেখা পায়। উপহাৰটো দেখি সি খুলি চায়। এটা ধুনীয়া তাজমহল। তাজমহলটো প্ৰীতিয়ে ভালকৈ চাবলৈ ধৰে। এনেতে সেই উপহাৰটোৰ লগত এখন চিঠি পায়। তাত লিখা তোমাৰ বিয়াৰ শুভেচ্ছা থাকিল। এই কথাখিনি মোক আগতে ক'লে মই তোমাক ডিভোৰ্চ দিলো হয়। কিন্তু তুমি মোক শেষ কৰি দিলা তোমাৰ বন্ধু নীলাম্বৰৰ লগ হৈ। একো নাই। মই তোমাৰ ওপৰত প্ৰতিশোধ নলও। ইয়াৰ বিচাৰ ভগৱানে কৰিব। চিঠিখন নীলয়ে পঢ়ি ফালি পেলায়।

- অলকেশ খাটনিয়াৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)