আকাশী শিমলু
আকাশ এৰি তই
কিয় মোৰ বুকুত ফুলিলি
মদাৰকো লগত
ননাকৈ নেৰিলি ।
ইমান ৰঙৰ পোহাৰ
কেনেকৈ ডাঙিম
এজাৰেও কালিৰ পৰা
হেজাৰ কৰি বহিছে
কেনেকৈ ভাঙিম বেজাৰ
উৰুঙা বতাহজাকেও
সুহুৰিয়াইছে
বাহাকা তিতাৰ জোল
অকণ হ'লেও
কাব্য হ'ল ।
বা ৰিব ৰিব খবৰ
হাতত হলিৰ বাকচ লৈ
ৰংবোৰ উৰাই দিছে ।
মই হেন নি:কিনে
সহিব নোৱাৰোঁ
ৰঙৰ খং ।
দুহাতত ইমান ৰং
বিলাই দিম সকলোকে
আহিব পৰাকৈ
মোৰ পদুলিলৈ ।
চিকুনাই থৈছোঁ বাট
বহিব পৰাকৈ ৰঙৰ হাট ।