এক সোণালী যুগৰ অৱসান-হাফিজ বায়েজীদ বোস্তামী

©Admin
0
'লতা মংগেশকাৰক আমাক দি দিয়ক আৰু আপোনালোকে কাশ্মীৰ লৈ লওঁক।’ - এসময়ত পাকিস্তানে এই প্রস্তাৱ দিছিল ভাৰতক। উপমহাদেশৰ সংগীতাঙ্গনত এই প্রবাদটি এতিয়াও উচ্চাৰিত হয়। কাশ্মীৰক লৈ দুখন দেশৰ মাজত বিৰোধ এতিয়াও অব্যাহত আছে। কিন্তু উপমহাদেশত সংগীত কিংবদন্তি সেইগৰাকী লতা মংগেশকাৰ আৰু নাই । গণমাধ্যমবোৰত খবৰ প্ৰচাৰিত হৈছে, লতা মংগেশকাৰৰ মৃত্যুয়ে যেন মিলাই দিছে চিৰশত্রু ভাৰত আৰু পাকিস্তানক। এই দুখন দেশৰ মাজত চিৰশত্রুতা ; প্রিয় লতাৰ মৃত্যুত ভাৰতৰ সৈতে চকুলো টুকিছে পাকিস্তানেও । কিছু বছৰ পূৰ্বে চিনেমা জগতৰ মহানায়ক দিলীপ কুমাৰৰ মৃত্যুৰ পাছত পাকিস্তান তথা ভাৰতৰ মাজত একেলগে এনে শোকৰ বন্যা নামি আহিছিল উপমহাদেশৰ কোটি কোটি অনুৰাগী সকলৰ মাজত।

       পৃথিৱীত কিছুমান মানুহে জন্ম লৈ তেওঁলোকে দল-মত আৰু দেশ-দেশান্তৰৰ সীমানাৰ বাহিৰতো নিজৰ প্ৰতিভা বিয়পাই দিয়ে । লতা মংগেশকাৰ আছিল তেনে এগৰাকী সংগীত শিল্পী। তেখেতৰ অনন্য সুৰৰ লহৰে মায়াজালত আৱদ্ধ কৰি ৰাখিছে দেশ-দেশান্তৰৰ কোটি কোটি ভক্ত অনুৰাগীক। মেল'ডি কুইন লতা মংগেশকাৰে সুদীর্ঘ ৮ দশক ধৰি ভাৰতীয় উপমহাদেশৰ সংগীতভক্ত সকলকো সুৰৰ মায়াজালৰ গণ্ডীত ৰাখি  মৃত্যুবৰণ কৰিলে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ। ক'ৰোনাত আক্রান্ত হৈ চাৰিটা সপ্তাহ মুম্বাইৰ ব্রিজ কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছিল কোকিলকণ্ঠী এই শিল্পীগৰাকী । দেওবাৰে পুৱা সেইখন হাস্পতালতেই তেখেতৰ মহা প্ৰস্থান ঘটে । সংগীতৰ এই কিংবদন্তি গৰাকীয়ে হিন্দী , বাংলাসহ ৩৬ টাতকৈ অধিক ভাষাত গান গাইছিল। ফলত ভাৰত সীমান্তৰ গণ্ডী চেৰাই বিশ্বব্যাপি তেখেতৰ খ্যাতি বিয়পি পৰিছিল। ৭৩ বছৰ ধৰি যাদুকৰী কণ্ঠত শ্রোতাসকলক মুগ্ধ কৰি ৰাখিছিল। তেখেতৰ মৃত্যুত ভাৰত, বাংলাদেশ, পাকিস্তানে শোকত ম্ৰিয়মান হৈ পৰিল। তেখেতৰ প্রতি শ্রদ্ধা জনাই ভাৰতে ২ দিন ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে। পশ্চিমবঙ্গত অর্ধদিৱস ছুটী ঘোষণা কৰা হৈছে। বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাচিনা, ভাৰতৰ প্রেচিডেন্ট ৰামনাথ কোবিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান, পাকিস্তানৰ বিদেশমন্ত্রী ফাওয়াদ চৌধুৰী, পশ্চিমবঙ্গৰ মূখ্যমন্ত্রী মমতা ব্যানার্জী, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্র প্রধান তথা চৰকাৰ প্রধানৰ বাহিৰতো অসংখ্য ৰাজনৈতিক ব্যক্তি , সাংস্কৃতিক ব্যাক্তি সকলেও শোক প্রকাশ কৰিছে। মৃত্যুৰ দিনা সন্ধিয়া মহাৰাষ্ট্রতেই ৰাষ্ট্রীয় মর্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰে।

      ভাৰতীয় চলচ্চিত্রত প্লে-বেক লতা কিছুদিনৰ ব্যৱধানত হৈ উঠিছিল অপৰিহার্য এটি নাম। গীতিকাৰ আৰু চিত্রনাট্যকাৰ জাভেদ আখতাৰে কৈছিল, ‘মাইকেল অ্যাঞ্জেলো মানেই যেনেদৰে চিত্রকলা, শেক্সপিয়েৰ মানেই যেনেদৰে ইংৰাজী সাহিত্য, ঠিক তেনেদৰে ভাৰতীয় চিনেমাৰ গান মানেই লতা মংগেশকাৰ।’

     উপমহাদেশৰ সংগীত জগতৰ মহাতাৰকা লতা মংগেশকাৰ ক'ৰোনা ভাইৰাছত আক্রান্ত হোৱাত যোৱা ১১ জানুৱাৰীত হাস্পতালত ভর্তি কৰোৱা হয়। ক'ৰোনা ভাইৰাছমুক্ত হোৱাৰ পাছত শাৰীৰিক অৱস্থা কিছু উন্নতি হ'লেও পৰৱৰ্তী পৰ্যায়ত তেখেত নিউমোনিয়াত আক্রান্ত হয়। অৱস্থাৰ অৱনতি হোৱাত শনিবাৰে তেখেতক ভেন্টিলেচনলৈ যোৱা হয়। তেখেতৰ সৈতে দেখা কৰিবলৈ হাস্পতাললৈ যায় ভগ্নী আশা ভোঁচলে। বলিউডৰ অনেকেই এই মহাতাৰকাগৰাকীৰ খবৰ ল'বলৈ যায়। সামাজিক মাধ্যমত অনেকেই তেখেতক জনায় শুভকামনা। কিন্তু সকলোকে কন্দুৱাই চিৰবিদায় ল'লে এই শিল্পীগৰাকীয়ে।

       কালজয়ী কণ্ঠশিল্পী লতা মংগেশকাৰ ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্রদেশৰ ইন্দুৰত শাস্ত্রীয় সংগীত ব্যক্তিত্ব আৰু থিয়েটাৰ শিল্পী পণ্ডিত দীননাথ মংগেশকাৰ আৰু শেবান্তিৰ ঘৰত জন্মগ্রহণ কৰে। তেখেতৰ প্ৰকৃত নাম আছিল হেমা। ডাঙৰ ভনী লতিকাৰ মৃত্যু হোৱাত তেখেতৰ নাম পৰিৱৰ্তন কৰি সেই নামৰ সৈতে মিল ৰাখি নাম ৰখা হয় লতা। তেখেতৰ সাহচার্যত খুব স্বল্প বয়সতেই গানৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে লতা মংগেশকাৰে। মাত্র পাঁচ বছৰ বয়সত পিতৃদেৱে লিখা নাটকত অভিনেত্রী হিচাপে অভিনয় কৰে। তাৰকাগৰাকীৰ ভাই-ভনী মিনা, আশা ভোঁচলে, ঊষা আৰু হৃদয়নাথ। তেওঁলোকৰ সকলোৱেই আছিল দক্ষ গায়ক আৰু সঙ্গীতজ্ঞ।

      ১৯৪২ চনত এখন মাৰাঠী চিনেমাত ‘মাতা এক সাপুত কি দুনিয়া বদল দে তু’ নামৰ গানেৰে তেখেতৰ কর্মজীৱন আৰম্ভ হয় । তেখেতে জীৱনৰ নতুন কৰ্মসূচীলৈ আগুৱাই যায় ১৯৪৮ চনত হিন্দী চলচ্চিত্র মজবুৰৰ ‘দিল মেৰা থোডা, মুঝে কাহিন কা না ছোড়া’ গানৰ জড়িয়তে। পিতৃ দীননাথ মংগেশকাৰ আছিল ধ্রুপদী শিল্পী, মাৰাঠী থিয়েটাৰৰ অন্যতম পুৰোধা ব্যক্তি। তেখেতৰ সান্নিধ্যতেই লতাজীৰ গান শিকাৰ সূচনা হয়। কৈশোৰ কালত পিতাকক হেৰুৱালেও গানৰ প্ৰশিক্ষণ লোৱা বাদ দিয়া নাছিল। ওস্তাদ আমান আলী খানৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লয় লতাজীয়ে। তেতিয়া সংগীত জগতত বিখ্যাত আছিল কে.এল  ছায়গল, সমশাদ আৰু নুৰজাহানৰ যুগ। আৰম্ভণি অৱস্থাত লতা মংগেশকাৰক শুনিবলগীয়া হৈছিল, তেখেতৰ কণ্ঠস্বৰ অত্যন্ত পাতল। সংগীত জগতত তেখেতক প্রথম সুযোগ প্ৰদান কৰে মাষ্টাৰ গুলাম হায়দৰ। তাৰ পাছতেই আহে ‘মহল’-ৰ সেই বিখ্যাত গান ‘আয়েগা আনেৱালা’। সেই চিনেমা ১৬ বছৰৰ মধুৱালা আৰু ২০ বছৰৰ লতা, দুজনৰ বাবে আছিল খুবেই গুৰুত্বপূর্ণ। নায়িকা আৰু গায়িকাৰ জনপ্রিয়তা বৃদ্ধি পাবলৈ ধৰে সেইখন চিনেমাৰ পিছৰে পৰাই। সেই পথ ধৰিয়েই লতাৰ কণ্ঠ হৈ উঠে বলিউডৰ ‘গ'ল্ডেন ভয়েছ’। ১৯৪৯ চনত লতাৰ কণ্ঠত ‘জিয়া বেকাৰাৰ হ্যায়’ নামৰ গানে মন মুগ্ধ কৰে অসংখ্য শ্রোতা সকলৰ। ১৯৫৫ চনত ‘মন দোলে মেৰা তন দোলে’নামৰ গানৰ লহৰে আমোদ দিয়ে সমগ্ৰ ভাৰতবর্ষক। ১৯৫৭ চনত ‘আজাৰে পৰদেশী’নামৰ গানৰ সহায়ত তেখেতে জনপ্রিয়তাৰ উচ্চ শিখৰত আৰোহন কৰে; গঢ়ি উঠে সংগীত পৰিচালক আৰু চলচ্চিত্র প্রযোজক সকলৰ নয়নৰ মণি। পাকিস্তান তথা বাংলাদেশৰ একাধিক প্রজন্মৰ ওচৰতো লতাৰ কণ্ঠ হ'ল সপোনৰ দৰে। বাংলা চিনেমাতো প্রায় ২০০ গান গাইছে লতাজীয়ে। তেখেতৰ কণ্ঠৰ ‘প্রেম একবারই এসেছিল নীরবে’, ‘রঙ্গিলা বাঁশিতে’, ‘নিঝুম সন্ধ্যায়’, ‘কে প্রথম কাছে এসেছি’, ‘সাত ভাই চম্পা’, ‘যা রে উড়ে যারে পাখি’, ‘বলছি তোমার কানে’, ‘চলে যেতে যেতে দিন বলে যায়’ এনেবোৰ অসংখ্য গান গাই বাংলাদেশৰ জনগনৰ হৃদয় মোহিত কৰে। প্রায় ৮ দশক কেৰিয়াৰত লতা মংগেশকাৰ বলিউডৰ লিড নাৰী কণ্ঠশিল্পী আছিল। তেখেতে এক হাজাৰৰো অধিক হিন্দী আৰু ৩৬খন আঞ্চলিক চলচ্চিত্রত ২৫ হাজাৰৰো অধিক গান গাইছে। বছৰ বছৰ ধৰি মধুৱালাৰ পৰা আৰম্ভ কৰি এই প্রজন্মই প্রিয়াঙ্কা চোপৰাৰ বাবেও গান গাইছে। তেখেতৰ বহুমুখী ভয়েচ কুৱালিটিৰ বাবে জনসমাজত সর্বাধিক পৰিচিত আছিল। বাংলাদেশৰ সংগীত শিল্পী ৰুনা লায়লা, ছাবিনা ইয়াছমিনসহ অসংখ্য কণ্ঠশিল্পী লতাক লৈ স্মৃতিচাৰণ কৰে। 

      লতা মংগেশকাৰ ১৯৮৯ চনত দাদাচাহেব ফাল্কে বঁটাৰে বিভূষিত হয়। ২০০১ চনত ভাৰতৰত্ন (ভাৰতৰ সর্বোচ্চ বে-সামৰিক পুৰস্কাৰ), ১৯৬৯ চনত পদ্মভূষণ (ভাৰতৰ তৃতীয় সর্বোচ্চ বে-সামৰিক পুৰস্কাৰ) আৰু ১৯৯৯ চনত পদ্মবিভূষণ (ভাৰতৰ দ্বিতীয় সর্বোচ্চ বে-সামৰিক পুৰস্কাৰ) অৰ্জন কৰে। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ৯০তম জন্মদিনত ভাৰত চৰকাৰে তেখেতক ‘ডটাৰ অব দ্যা নেচন’ পুৰস্কাৰেৰে ভূষিত কৰে।

     লতা মংগেশকাৰ মূলত ১৯৪২ চনত পিতাকৰ মৃত্যুৰ পাছত ১৯৪৮ চন পর্যন্ত অভিনেত্রী হোৱাৰ চেষ্টা কৰি প্ৰায় ৮খন চলচ্চিত্রত অভিনয় কৰিছিল। অথচ চলচ্চিত্রবোৰত কোনো সফলতা লাভ কৰিব পৰা নাছিল। ১৯৪২ চনত তেখেতে মাৰাঠী চলচ্চিত্র ‘কিটি হাচাল’ৰ বাবে প্লে-ব্যাক গানৰ জড়িয়তে আত্মপ্রকাশ কৰিছিল। অথচ, গানটি আজিও প্ৰকৃত পোহৰৰ পথ দেখা নাই।

     কিংবদন্তি এই গায়িকাগৰাকীয়ে গানেৰেই নিজৰ জীৱন কটাই দিছিল। বিবাহ পাশত আৱদ্ধ হোৱা নাছিল। তেখেতৰ গানৰ খ্যাতি ভাৰতীয় সীমান্তৰ বাহিৰতো বিশ্বৰ বিভিন্ন দেশ-দেশান্তৰত বিয়পি পৰিছিল। ১৯৭৪ চনত তেখেতে প্রথম ভাৰতীয় হিচাপে লণ্ডনৰ ৰয়েল অ্যালবার্ট হলত পাৰফর্ম কৰে। নিউইয়র্ক বিশ্ববিদ্যালয়সহ ৬খন বিশ্ববিদ্যালয়ত তেখেতক সম্মানসূচক ডক্টৰেট উপাধিৰে ভূষিত কৰে। ফ্রাঞ্চ ২০০৭ চনত তেখেতক সর্বোচ্চ বে-সামৰিক পুৰস্কাৰ (অফিচাৰ অব দ্যা লিজিওন অৱ অনাৰ) প্রদান কৰে। ১৯৯৯ চনত চলচ্চিত্র প্রযোজক ভৰত শাহ কিংবদন্তি এই গায়িকাৰ নামেৰে সুগন্ধী পণ্যৰ সূচনা কৰে। যাৰ নাম আছিল লতা ইউ ডে পাৰফিউম। এয়া আছিল লতা মংগেশকাৰৰ দ্ধাৰা অনুমোদিত প্রথম পণ্য। অ্যাডোৰা নামেৰে এটি ভাৰতীয় হীৰা ৰপ্তানী সংস্থাৰ বাবেও ডিজাইন কৰিছিল। এই সংগ্রহটিৰ নাম আছিল স্বৰাঞ্জলি। যাৰ পাঁচটা টুকুৰা লণ্ডনৰ এটি জনপ্রিয় ব্রিটিছ নিলাম ঘৰ ক্রিষ্টিত নিলামত তোলা হৈছিল।

      ৰাজনীতি নকৰিলেও লতা মংগেশকাৰ ১৯৯৯ চনত  সংসদ সদস্য হিচােপে মনোনীত হয়। অথচ শাৰীৰিক অসুস্থতাৰ কাৰণে ৰাজ্যসভাৰ অধিবেশনত উপস্থিত থাকিব পৰা নাছিল। যাক লৈ অনেক সমালোচনা হৈছিল। অৱশ্য সেই বিতর্কই তেখেতক গা-লৰাব নোৱাৰিছিল। কাৰণ তেখেতে চৰকাৰী কোনো ভাট্টা বা দৰমহা আনকি চৰকাৰী বাসভৱনো গ্ৰহন কৰা নাছিল।

    উপমহাদেশৰ সংগীত অনুগামী সকলৰ  প্রায় ৮টা দশক সুৰৰ মায়াজালত আৱদ্ধ কৰি মাটিৰ পৃথিৱী এৰি গুছি গ'ল লতা মংগেশকাৰ। এইজনী ‘সুৰসম্রাজ্ঞীৰ’ মৃত্যুৰথ শোকৰ ঢেউ বিয়পি পৰিছে বিশ্বৰ নানা প্রান্তত। বিশ্বৰ প্রভাৱশালী গণমাধ্যমবোৰে তেখেতৰ মৃত্যুক লৈ ৰিপোর্ট কৰিছে। বিবিচিৰ ৰিপোৰ্ট শিৰোনামত কোৱা হৈছে, ‘লতা মংগেশকাৰৰ ৯২ বছৰ বয়সত ভাৰতৰ কালজয়ী গায়িকাৰ জীৱনাবসান। চি.এন.এন শিৰোনামত লেখিছে, ‘৯২ বছৰ বয়সত গায়িকা লতা মংগেশকাৰৰ মহাপ্ৰস্থানত শোক প্ৰকাশ কৰিছে ভাৰতে’। চি.এন.এন লতা মংগেশকাৰক অভিহিত কৰে‘ভাৰতৰ নাইটিংগেল’ হিচাপে। এচছিয়েটেড প্রেছৰ (এ.পি) শিৰোনাম, ‘কালজয়ী গায়িকা লতা মংগেশকাৰে ৯২ বছৰ বয়সত মৃত্যুবৰণ কৰিছে’। গার্ডিয়ানৰ প্রতিবেদনত কোৱা হৈছে, ভাৰতৰ কয়েক প্রজন্মৰ ওচৰত সংগীত তথা সুৰ মানেই লতা মংগেশকৰ। নিউইয়র্ক টাইমচে তেওঁলোকৰ শিৰোনামত ‘লতা বলিউডৰ আটাইতকৈ জনপ্রিয় কণ্ঠৰ অধিকাৰী’ বুলি উল্লেখ কৰে। আল জাজিৰাৰ প্রতিবেদনত লতাক কোৱা হয় হিন্দী গানৰ ‘আইকন’। ভ্যাৰাইটি ডটকমে লতাক অভিহিত কৰিছে ‘সুৰৰ ৰানী’ হিচাপে।

      লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাচিনায়েও। শোকবার্তাত তেখেতে কয়, এই সুৰসম্রাজ্ঞীৰ মৃত্যুত উপমহাদেশৰ সংগীতাঙ্গনত এক বিশাল শূন্যতাৰ সৃষ্টি হ'ল। লতা মংগেশকাৰে তেখেতৰ কর্মৰ যোগেদি চিৰদিন এই অঞ্চলৰ মানুহৰ হৃদয়ত জীয়াই থাকিব। প্রধানমন্ত্রীয়ে তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্য সকলৰ প্রতি গভীৰ সমবেদনা জ্ঞাপন কৰে। শোকবার্তাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, শ্রদ্ধেয় লতা দিদি আমাক এৰি চিৰদিনৰ বাবে গুছি গ'ল। তেখেতে আমাৰ দেশত এটি শূন্যতা তৈয়াৰ কৰি গ'ল, যি কেতিয়াও পূৰণ কৰা সম্ভৱ ন'হব। ভবিষ্যৎ প্রজন্মই তেখেতক ভাৰতীয় সংস্কৃতিৰ এজনী বলিষ্ঠ ধাৰক হিচাপে মনত ৰাখিব, যাৰ সুৰৰ লহৰে মানুহক মন্ত্রমুগ্ধ কৰি ৰাখিছিল।

   পাকিস্তানৰ বিদেশমন্ত্রী ফাওয়াদ চৌধুৰী বেইজিঙৰ পৰা উর্দ ভাষাত একাধিক ট্যুইট বার্তাৰ জৰিয়তে লতাৰ প্রতি শ্রদ্ধা জনাই শোক প্রকাশ কৰি কৈছে, লতা মংগেশকাৰ কয়েক দশক ধৰি সংঙ্গীত জগতত ৰাজত্ব কৰি গৈছে আৰু তেখেতৰ কণ্ঠৰ যাদু চিৰকাল জীয়াই থাকিব। লতা মংগেশকাৰ আছিল ভাৰতৰ এজনী সুৰৰ ৰানী। তেখেতে কয়েক দশক ধৰি সঙ্গীত জগতত ৰাজত্ব কৰিছিল। তেৱেই আছিল সঙ্গীতৰ মুকূটহীন সম্রাজ্ঞী। তেখেতৰ কণ্ঠ হৃদয়ত সদায় ৰাজত্ব কৰিব। মানুহৰ হৃদয়ত তেখেত থাকিব সর্বকালীন। ভাৰতৰত্ন লতা মংগেশকাৰৰ মৃত্যুত শোক প্রকাশ কৰি পশ্চিমবঙ্গৰ মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ে লিখিছে, ‘ভাৰতৰ আইকন, ভাৰতৰত্ন লতা মংগেশকাৰক আমাৰ হৃদয়ৰ পৰা শ্রদ্ধা জনাও। তেখেতৰ পৰিয়াল আৰু বিশ্বৰ কোটি কোটি ভক্তৰ প্রতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ভাৰতৰ নাইটিংগেলৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)