সংযমী অর্ধাকাশৰ মুখ-আন্ধাৰি ছবি

Rinku Rajowar
0
পানী-কাউৰীৰ ডেউকাত হেঁচুকি আহি
দুপৰীয়াৰ ৰঙাজীঞাই নিলে থপিয়াই 
ৰাংঢালী কপালৰ ৰঙা বেলিটি।।

দেখি কজলা মেঘৰ ভুমুকাভুমুকি
মনত আশাই উকমুকায় 
আকৌ জাগে সন্দেহ
লাগে বৰ ভয়
জানোচা বৰষি বৰষুণ 
ফেনে-ফোটোকাৰে ধল বোৱাই 
হিয়াৰ পথাৰখনিত পলশে পেলায়
নে উজাৰ কৰে থানথিত নোহোৱা ঘৰ
সমূলে কৰি যায় নিৰস বালিচৰ

নাই নোৱাৰি আৰু অনাহুত সপোন দেখিব
চুৰি কৰি সপোনবোৰ যে সপোনচোৰাই
লৈ গৈছে পলাই

মনৰ কেনভাচৰ নিটোল ছবিৰ ৰংবোৰ 
শুক্লাইৰ ধলে কোন কাহানিবাই নিছে উটুৱাই 
চাকনৈয়াৰ আৱর্তত অকল
প্রভাতীৰ সুৰটি আছে ঘূৰপাকখাই


ধুমুহাই কোবাই যোৱা 
বুকুৰ শীৰ্ণ পঁজাত
সকলো পাহৰি 
সান্ত্বনাৰ সুৰটিকেই সযতনে ৰাখিছোঁ সজাই  !

~~~•~~~•~~~•~~~•~~~
📝ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি 
গোৱালপাৰা (অসম) 
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)