হাতত কলম লৈ বহিছোঁ
তোমালৈ বুলি
বৰকৈ মনত পৰিছে
সৌদিনাৰ ৰাতিৰ বাৰ বজাৰ কথাটি।
তুমি যে লাজ লাজকৈ মোৰ স'তে
চিনাকী হৈছিলা।
তোমাৰ বাৰু মনত পৰেনে
নিজানত বহিলে?
মোৰ কিন্তু বৰকৈ মনত পৰে।
সেয়ে ভাৱিছোঁ কবিতাতে আৱদ্ধ কৰি ৰাখোঁ।
সৌদিনা ৰাতিৰ মিঠা অনুভৱ খিনি।
জানা পৰিণীতা মই সেইদিনাই
তোমাৰ প্ৰেমত পৰি গৈছিলোঁ।
মোৰ আশা বোৰ
সৰগত পৰিণত কৰিবলৈ
হ'লে দুগৰাকী সৎ সাহসী
নাৰীৰ প্ৰয়োজন হয় মোৰ
জানানে কোন সেই দুগৰাকী...?
এগৰাকী তুমি আৰু
....................মৰমৰ মা।
তুমি মোক কেতিয়াও
এৰি থৈ নাযাবা দেই পৰিণীতা।
এই কথাষাৰ কোনে কৈছিল জানানে?
তুমি...
তুমি পৰিণীতা মৰাণে।
তুমি পৰিণীতা মৰাণ......
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ