জীৱন-জয় প্ৰকাশ শৰ্মা

©Admin
0
হাজাৰটা আউল ভাঙি ভাঙি
  এটা মেজিকৰ ৰোমাঞ্চকৰ মায়াত সোমাই পৰিছো 
পৃথিৱীৰ এটা প্ৰান্তৰ পৰা এটা প্ৰান্ত ! 
     যিমান মূল্য ,
তাতকৈয়ো তাতোধিক মূল্য এটা উশাহ  ।

ঘূৰিছো , ফুৰিছো ----
 চিন্তাৰ পৰিধি ফালি
    হাবিয়াস ৰচিছো ,
মৰুভূমিত ফুলিব ফুল জকেমকে কৰি ।

এটা উশাহ
প্ৰতিটো পল - অনুপল গতিশীল  আশা
 এয়াই জীৱনৰ চাকনৈয়া ,
প্ৰতি উশাহে বাৰে বাৰে দি যায়
মধুৰ সময়ৰ নষ্টালজিয়া আৱেগৰ বতৰা ।

জীৱন নহয় কোনো পৰিসমাপ্তিৰ গান --
 ই যে অক্লান্ত প্ৰহৰী
    জিনাৰ কাহিনী ,
ই যে অভিন্ন গাথা
   সময়ৰ দিগন্তব্যাপি
    ই এক আত্মভালপোৱা।
     
   ⏺️জয় প্ৰকাশ শৰ্মা( গুৱাহাটী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)