অপ্ৰকাশ্য -চিন্ময় বৰা

Aditi Tanti
0
মোৰ দুখ লাগিছিল সেই সন্ধ্যা 
যেতিয়া শীতৰ কুঁৱলী তোমাৰ দুচকুৰ পৰা নিয়ৰ হৈ সৰিছিল। 
জানা মোৰ একবাৰে অপছন্দ তোমাৰ দুচকুৰ অশ্ৰু, 
সেয়ে হয়টো সেইদিনা তোমাৰ নিগৰি অহা অশ্ৰু দেখি
বুকুত এক অবুজ বেদনাই খুন্দা মাৰি ধৰিছিল। 
কেনেকৈ! কেনেকৈ বাৰু নিবিচৰা স্বত্বেও
তোমাক বাৰে বাৰে আঘাত কৰি পাওঁ? 
কেতিয়াবা সুখী কৰিছো জানো তোমাক 
সেই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই কেতিয়াবা
তোমাৰ দুই ওঁঠৰ হাঁহিৰ কাৰণ নোহোৱাৰ কাৰণ বিচাৰি চাওঁ,
কিন্তু শূন্য,লাভ নহয় একো 
কিন্তু মোৰ দুখ লাগে যেতিয়া তুমি নয়নাশ্ৰু নিগৰুৱা।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)