মাথোঁ প্ৰশ্ন কৰিব নিজৰ জ্ঞানক,
তেতিয়াহে বুজিব।
ধৰ্ম কি, মানৱতাৰ মনুষ্যতা জ্ঞান কি,
এবাৰ নিজকে অনুভৱ কৰি চোৱা,
এটি গছৰ ছায়াক কল্পনা কৰা,
তাৰ মাহাত্ব্য কি!
সিদ্ধান্ত নিজেই অনুমান কৰিব পাৰিবা,
তাৰ প্ৰয়োজনীয়তা কি,
মই কেতিয়াও কোনো,
জাতি ধৰ্ম আৰু বৰ্ণক
প্ৰশ্ন কৰাৰ প্ৰয়োজন
নাই বুলি অনুভৱ কৰোঁ।
এক সময়ত পিতৃ মাতৃৰ দৰে
নিজেই উপলব্ধি কৰিব পৰা যায়।
মানুহৰ মানৱতা জ্ঞান কি,,
বিবেক আচৰণ কি,
বিভিন্ন সময়ত ভিন্ন জাতি,
উপজাতি সকলোৱে মিলি,
গঠন কৰা একাগ্ৰতাই
হৈছে মানৱ জাতি।
মই কোন ৰাজ্য, কোন ঠাইত
প্ৰশ্ন কৰাৰ প্ৰয়োজন,
আছে বুলি অনুভৱ নকৰোঁ
মাথোঁ ধাৰণা কৰোঁ।
মহান মানৱতাৰ
মাহাত্ব্য কি।