হয় ঠাইখনৰ নাম নিজৰা পাৰ । নামটো যেনেকৈ মানুহৰ পছন্দৰ , ঠাই টুকৰাও। শান্তিৰ ঠাই । হাই-কাজিয়া খিয়লা খিয়লি তাত নাই বুলিলেই হয় । বৰ মিলা-প্ৰীতি । ইঘৰৰ চৰুৰ আঞ্জাৰে সিঘৰৰ আলহী সোধে । নিজৰা পাৰ নিজৰা পাৰেই । যেন কুলু কুলু সুৰে বৈ যোৱা এটি নিজৰা। তাৰ পাৰতেই সৰু গাওঁখনি । গাওঁৰ মানুহবোৰো বৰ মৰমিয়াল । লকেন গাওঁখনৰ ইটো মূৰত থকা চাহ দোকানত কাম কৰা ল'ৰা । সাত- আঠ বছৰতে লকেনে মাতৃক হেৰুৱাইছিল । দেউতাকে পোহ পাল দিব নোৱাৰা বাবে সি ঘৰৰ পৰা ওলাই আহিছিল এই নিজৰাপাৰ গাওঁখনলৈ । দেউতাকৰ খেতি মাটি বুলিবলৈ একেবাৰে নাই । যিকণ আছিল তাকো মাকৰ অসুখত বিক্ৰী দিয়া হ'ল । মাক নাবাচিল । মাকৰ মৃত্যুৰ পিছত দেউতাক অথাই সাগৰত পৰিল । আগৰ দৰে কাম-বন কৰিব নোৱাৰা হ'ল। বহুবছৰ আগেয়ে পাঠ্যপুথিৰ সংস্কৃতৰ এটি গল্পত পাইছিলোঁ --- গৃহকেই গৃহ নোবোলে , গৃহিণীকহে গৃহ বোলে । গৃহিণীহীন ঘৰ অৰণ্য সদৃশ। সেয়ে লকেনৰ দেউতাকে অৰণ্য সদৃশ ঘৰখনতেই ভাবি গুণী বহি থকা হ'ল । অৱশেষত লকেনে কাম বিচাৰি ঘৰৰ পৰা বাহিৰ হৈ এই নিজৰা পাৰ গাঁওৰ বাসিন্দা হৈ নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হ'ল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ