“কিয় লগাইছা? কিয় লগাইছা সেইবোৰ? যি কণ ভালে আছে সেইকণো বেয়া কৰি বিছনা লোৱাৰ মন নেকি? মই কিন্তু এইবাৰ দাঙি পাৰি লেট্ৰিন-বাথৰুম,বিছনা -চোতাল,বাহিৰ -ভিতৰ কৰি লৈ ফুৰিব নোৱাৰোঁ দেই ,কৈ থলোঁ। নিজৰে দেহাটো কোনোমতে টানি আঁজুৰি চোচঁৰাই বগৰাই চলি আছোঁ। নিজৰ বিপদ নিজেই মাতি নানিবা ”। ক্ষীৰ শইকীয়াৰ পত্নী জীনুৱে গিৰিয়েকক মৃদু ধমকৰ সুৰত টানকৈয়ে সকীয়নী দিলে।
“ এহ ৰবা হে তেজপুৰ ,দিল্লী, লণ্ডনৰ নামী দামী ডাক্তৰৰ দামী দামী ঔষধবোৰে নো কি কৰিছে?সেই ককাঁল ,আঁঠু আৰু পিঠিৰ বিষ আগতকৈ কমক চাৰি বেচিহে হ'বলৈ লৈছেচোন! আগতে গাঁৱৰ মানুহে এনেকুৱা নামী ডাক্তৰৰ দামী ঔষধ নোহোৱাকৈয়ে এই বিষ-কোপবোৰ ভাল কৰি লৈছিল।”
এইবছৰ ডিছেম্বৰ আৰু জানুৱাৰী মাহত ঠাণ্ডা নপৰিল। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে দিয়া এজাক শিল বৰষুণ আৰু দুজাক মান কিনকিনীয়া বৰষুণে ইমান হাঁড় কঁপোৱা ঠাণ্ডা নমালে যে, মানুহে বিশেষকৈ বয়সীয়াল সকলে হাট-বজাৰ পৰ্য্যন্ত বাদ দি ঘৰৰ ভিতৰতে লেপৰ তলত বা জুইৰ কাষত আশ্ৰয় ল'ব লগীয়া হ'ল। থকাসকলে ৰুম হীটাৰ চলাই ভিতৰতে থাকিবলগীয়া হৈছিল। ঘৰৰ ভিতৰতে শুই- বহি ,টিভি চাই, গৰম -গৰম চাহ ,কফি, পকৰি,বুটভজা, চানাভজা,জলা মছলা সৰহকৈ দি ৰন্ধা মাংস আদি বেছিকৈ খাই কোনোবাই পেটৰ অসুখো মাতিছিল। অকণমান ধৰাসকলৰ দেশী বা বিলাতীৰ পৰিমাণ আগতকৈ বাঢ়ি গৈছিল।ভিতৰুৱা গাওঁ এখনৰঅশিক্ষিত পৰিয়াল এটাৰ অশিক্ষিত মাক-বাপেক এহালৰ, বাৰটা এমা-ডিমা ল'ৰা-ছোৱালী মাজৰে সিও এটা আছিল। বোকা-পানীৰ মাজতে খেলি-ধূলি ডাঙৰ হোৱা, ক্ষীৰ শইকীয়া নিজৰ মেধাৰ ফলতেই হওঁক বা ভাগ্যৰ বলতেই হওঁক, কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা সম্বন্ধীয় গোপন দপ্তৰ এটাৰ শীৰ্ষ বিষয়াৰ পদত অধিষ্ঠিত হৈছিলগৈ। দুই এক চকু চৰহাই ,চহৰীয়া ধনী পৰিয়ালৰ ছোৱালী বিয়া কৰোৱাৰ বিনিময়ত পোৱা সুবিধা বুলিও ৰটিছিল।আনে যিহকেই নকওঁক অপুত্ৰক মানুহটোৱে কিন্তু বহু কষ্ট কৰি তিনি জনী ছোৱালীক উপযুক্তকৈ গঢ়ি তুলি, উপযুক্ত পাত্ৰত গতাইছিল। বৰ্তমান এগৰাকী লণ্ডন, এগৰাকী দিল্লী আৰু এগৰাকী তেজপুৰৰ সুখী বাসিন্দা।তেজপুৰ চহৰত ঘৰ-মাটি কৰাৰ ওপৰিও দিল্লীতো এটা টু বিএচকে ফ্লেট ল'বলৈ সক্ষম হৈছিল। বৰ্তমান চালে চকুৰোৱা নহ'লেও সকলো আধুনিক সা-সুবিধাযুক্ত সৰু আটোম টোকাৰী তেজপুৰৰ ঘৰখনতে ৮৪ বছৰীয়া শইকীয়া পত্নীৰ লগত চাকৰ-নাকৰ নোহোৱাকৈ অকলশৰে বাস কৰে। ৪০° উষ্ণতা , মাইনাচ ৩০° ঠাণ্ডা , মৰুভূমিৰ তলত বা বৰফৰ মাজত সজা গোপন আৱাস যুক্ত কাৰ্য্যালয়ত কৰ্মৰত হৈ থাকি অৱসৰ লোৱাৰ পিছতো ,চুগাৰ প্ৰেছাৰে আক্ৰমণ কৰিব নোৱাৰিলে।কিন্তু ককাঁল, আঁঠু আৰু কান্ধৰ বিষে লাহে লাহে কোঙা কৰি পেলালে। দিল্লী, লণ্ডনৰ ডাক্তৰৰ বেজী,ঔষধ, ব্যায়াম আৰু অপাৰেশ্যনৰ ওপৰিও গাঁৱলীয়া বেজে বিষল্যকৰণী বা বিহ ঢেকীয়াৰে জৰা বিষহৰী আৰু সৰ্বঢাক মন্ত্ৰইও বিষৰ ওচৰত হাৰি গৈছে। ডাক্তৰে লিখা ঔষধ বেজীৰ নামৰ লগতে বেজে জৰা মন্ত্ৰও মুখস্থ হৈ গৈছে। যেনে-“ মাঘ মাসৰ অমাৱশ্যা ৰাতি, বিষ ভৈলা উতপতি , মহাদেৱে বোলে তঈ,বিষক উৎপতাইলি ....ডালৰে জাৰোঁ,পাতৰে জাৰোঁ, চৌষষ্ঠী কোটী বিষ পানীপুত কৰি জাৰোঁ-
ফুঃ ফুঃ ফুঃ” ইত্যাদি ইত্যাদি। এজন শুভাকাংক্ষীৰ উপদেশ মৰ্মে আজিকালি ৰুমহীটাৰৰ পৰিৱৰ্তে পুৱা-গধূলি জুই ফুৱাবলৈ লৈছে। হীটাৰৰ গৰমতকৈ জুইৰ তাপ বেচি ভাল লগা হৈছে। হীটাৰৰ তাপত মাজনিশালৈ উশাহ বন্ধ হৈ যাব যেন লাগে।
আন দিনৰ দৰে আজিও সন্ধিয়াৰ পৰাই শইকীয়াই কালি আছাৰকণিয়ে আধা তিতা কৰা খৰিৰে জুই ফুৱাই আছিল। পাকঘৰ সামৰি শইকীয়ানীয়েও মুঢ়া এটা লৈ জুইৰ কাষত বহিছিল। নুমাবলৈ ধৰা জুইডাল পাইপৰ টুকুৰা এটাৰে ফুৱাই ফুৱাই জ্বলাই ৰাখিছিল।মনতে ভাবিছিল - ‘ খাবলৈ বা লগাবলৈ কিবা ঐশ্বৰিক শক্তি থকা দৰব এবিধ যদি সপোনতে হ'লেও পালোঁহেতেন’.....! মনত পৰিছে.... বুটাম নোহোৱা পেন( হাফ পেণ্ট)টো কঁকালত ৰাখিবলৈ বান্ধি ৰখা সৰু ৰছী ডাল খুলি পথাৰত হাগিছে, আলিত চোঁচৰাই মোচিছে, খোলাকটিয়ে কাটিছে, তেজ বৈ গৈছে, গোন্ধোৱা বন মোহাৰি লগাই দিছে, ভাল হৈছে... কেকোঁৰা গাঁতত সোমাই ভৰি ভাগিছে , হাড় জোৰোৱা লতাৰে বন্ধিছে , জোৰা লাগিছে... পেন খোলি নাঙঠ হৈ দেদায়েকক দিবলৈ বৰঘৰৰ পৰা নিমখ আনিছে, পিছল খাই পৰি হাতৰ জোৰা লৰিছে, কেঁচা হালধি বান্ধি দিছে.... বানপানী .. চোতালত পিছল খাই আইৰ আঁঠুৰ ঘিলা লৰিছে, কেঁচা খৰি ফুৱাই ফুৱাই ভাত সিজাইছে, জ্বলি থকা খৰিৰ বাহিৰ ওলাই থকা মূৰটোৰ পৰা ফেন ওলাইছে,গৰম গৰম ফেন আঁঠুত লগাই আইয়ে ভাল পাইছে..... ক'ব নোৱাৰা কৈ কেঁচা খৰিৰ বাহিৰ মূৰেদি ওলোৱা গৰম হালধীয়া ফেনবোৰ লণ্ডন ফেৰৎ ক্ষীৰ প্ৰসাদ শইকীয়াই আঁঠু ,কঁকাল আদিত সানি মালিচ কৰিবলৈ ধৰিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ