উৰণীয়া মন-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ফাগুনৰ বা লাগি 
পলাশ শিমলু আৰু
মদাৰ ফুলিছে
ৰঙা ৰঙা ফুলবোৰে
কিযে ৰহণ সানিছে।
উৰণীয়া মনে মোৰ
ঢাপলি মেলে তোমাৰে কাষলৈ
এচাটি দুচাটিকৈ বতাহ বলে
 দেহা মন জোৰোৱাকৈ
সৌ নীলা আকাশৰ 
কলীয়া ডাৱৰে
লুকা ভাকু খেলে।
পুৱা সমীৰে পূবে ওলাই
পশ্চিমতে ডুবে
তোমাৰ কথা ভাবি
মোৰ মন বাউলি হয়।
গছৰ পাতৰ আঁৰে আঁৰে
নিঃশব্দ সেই পখীজাকে
সুঁৱৰাই দিয়ে জীৱনৰ অৰ্থ
শুকুলা বগলীজাক
আকাশত উৰে
মোৰ সপোনবোৰ
ৰামধেনুৰ দৰে ৰঙীন হৈ পৰে।

✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)