শিক্ষা আৰু কৰ্ম-মানস প্ৰতীম মালী

©Admin
0
মানুহে নিজে কৰা কৰ্মত শিক্ষাৰ প্ৰকাশ পায় । ভাল মানুহে সদায় ভাল কামেই কৰে । সকলো কাম কৰাৰ আগতেই ভালদৰে ভাবি লব লাগে , কামটো কৰাৰ পাছত ভাবিবলে আৰু একো নাথাকে । মানুহ এজনৰ শিক্ষাৰ লগত মানুহজন ভালনে বেয়া তাৰ বিচাৰ কৰা উচিত নহয় কাৰণ অশিক্ষিত মানুহ এজনো বহুত ভাল হব পাৰে , আনহাতে শিক্ষিত মানুহ এজনো বেয়া হব পাৰে । ভাল বেয়া বিচাৰ কৰে মানুহৰ কৰ্মৰ দ্বাৰা । 
কোনো মানুহ জন্ম পাওঁতে ভাল বা বেয়া হৈ জন্ম নাপায় । তেওঁ নিজে বিচাৰ কৰি ভাল বা বেয়াৰ পথ লয় । যেনেকৈ জীৱনত ভাল বা বেয়া পথ বাচি লব পাৰি তেনেকৈয়ে বেয়া পথৰপৰা উভতি আহিবও পাৰি । 
ইচ্ছা কৰিলে  মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই ।  আমি এশতা ভাল কাম কৰিলেও যদি ভুলতে এটা বেয়া কাম কৰোঁ , তেতিয়া সকলোৱে সমালোচনা কৰে ‌ । আগতে কৰি থোৱা এশতা ভাল কামৰ কথা পাহৰি যায় , মাথোঁ সেই বেয়া কামটোৰ কথা মনত থাকে । সমালোচনা কৰাতকৈ মানুহজনে কৰা ভুলটো শুদ্ধ কৰি দিয়াটোহে দৰকাৰ । কাৰণ মানুহ মাত্ৰেই ভুল হয় ‌।
বেয়াজনৰ পৰা আঁতৰি থকাতকৈ বেয়াজনক ভাল কৰিবলৈহে চেষ্টা কৰিব লাগে । বহুত মানুহ আছে যিয়ে মাত্ৰ এটা ভুলৰ বাবে আপোন মানুহজনৰ পৰাও আঁতৰি থাকে । আঁতৰি থাকি মনত কষ্ট পাই থকাতকৈ ভুলটো শুধৰাই দি আনন্দ মনেৰে একেলগে থাকক । আপোন ভালেই জগত ভাল । নিজে ভাল হলে আনকো ভাল কৰিব পাৰি । জীৱনটোত একোৱেই নাই , যেনেকৈ পৃথিৱীলৈ আহিছোঁ তেনেকৈয়েই এদিন যাবও লাগিব , ৰৈ গলে যাব মাথোঁ আমাৰ কৰ্মৰ ফল , আমাৰ আদৰ্শ । মৃত্যুৰ পাছতো হয়তো এদিন অনেক ব্যস্ততাৰ মাজতো কোনোবাই আমাৰ নাম লব , আমি কৰা কৰ্মৰ কথা মনত পেলাব ‌ । এয়াই আমাৰ বাবে বহুত । 
      আজিকালি প্ৰায় মানুহ স্বাৰ্থপৰ , মাথোঁ নিজৰ কথা চিন্তা কৰে । তেনেস্থলত নিজৰ জীৱনটোৰ কথা এবাৰো চিন্তা নকৰি বেয়া পথে যাত্ৰা কেনেকৈ কৰিব পাৰে । আনে বেয়া বুলি কলেও যদি নিজৰ ওপৰত বিশ্বাস থাকে সৎ পথত থকা বুলি তেতিয়াহলে যাত্ৰাপথত হাজাৰ বাধা আহিলেও গন্তব্যস্থান পোৱাটো নিশ্চিত । 
           সমাজত বেয়াতকৈ ভাল মানুহৰ সংখ্যা বহুত বেছি । কিন্তু সেই বেয়া মানুহকেইজনো যদি ভাল হব পাৰে , তেতিয়া সমাজখন আৰু বেছি ভাল হব । 
আমি সকলোৱে এখন সমাজৰ নাগৰিক , সমাজখন ভালে থাকিবলৈ প্ৰথমে আমি ভাল হব লাগিব । আমি ভাল হলে সমাজখন এনেও ভাল হব । 
কামৰ সৰু বৰ নাই । কামেই আমাৰ সকলোৰে পৰিচয় হোৱা উচিত । কেতিয়াও কোনো কাম কৰিবলৈ লাজ কৰিব নালাগে ‌ । 
এতিয়াও ছোৱালী বিয়া দিবৰ সময়ত প্ৰায় মানুহেই শুধে ল'ৰাজনে কি কৰে ‌ ।  যদি উত্তৰত ল'ৰাজনে খেতি কৰে বুলি কয় ছোৱালীজনী বিয়া দিবৰ বাবে অকণমান সংকোচ কৰে । কিন্তু কিয় ? 
খেতি কৰিলে বুলিয়েই ল'ৰাজন বেয়া হব নেকি ?
খেতি কৰিলে ল'ৰাজন শিক্ষিত হব নোৱাৰে নেকি ?
শিক্ষিত হৈয়ো ল'ৰাজনে চাকৰিৰ আশা নকৰি খেতি কৰাটো ল'ৰাজনৰ ভুল নেকি ? 
খেতিয়ক সকলে খেতিয়ক বুলি নিজকে গৌৰৱ কৰিব পাৰে ‌ । কিয়নো নোখোৱাকৈ কোনেও জীয়াই থাকিব নোৱাৰে । খাদ্য উৎপাদন কৰে একমাত্ৰ খেতিয়কে , তেনেস্থলত খেতি কৰি আত্মনিৰ্ভৰশীল হব চেষ্টা কৰা ল'ৰাজনে কি ভুল কৰিছে ?
এতিয়া এইবোৰ মনোভাৱ সলনি কৰিবৰ হ'ল ? 
আধুনিক সময়ৰ লগত আধুনিক হবলৈ হ'ল ? 
শিক্ষিত বুলিয়েই ৰৈ নাথাকি আত্মনিৰ্ভৰশীলতাৰ পথ বচা উচিত ‌ । 
চাকৰি কৰা মানুহ এজনক দিয়াৰ দৰেই খেতিয়কসকলকো সন্মান দিয়া উচিত । কাৰণ চাকৰিয়ালৰ দৰেই খেতিয়কেও আনৰ পেট পুৰাবলৈ দিনে নিশাই মুৰৰ ঘাম মাটিত পেলাই কষ্ট কৰে ‌ ।
" শিক্ষিত খেতিয়ক " নামতো শুনিয়েই হয়তো সকলোৰে বহু কথাই মনলৈ আহে ।
বাস্তৱধৰ্মী , সমাজৰ কিছুমান মানুহৰ এক ভুল মনোভাবক সলনি কৰা উদ্দেশ্য আগত ৰাখি ৰাইজক এটি বাৰ্তা দিয়াৰ প্ৰয়াসেৰে হঠাতে এটি পৰিকল্পনা কৰি অতি সাধাৰণ ভাবেই এখন চুটি ছবি নিৰ্মাণ কৰিলোঁ । 
অতি সাধাৰণভাৱে আৰম্ভ কৰি অতি সাধাৰণ ভাবেই শেষ হোৱা চুটি ছবিখনত পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ  ।
মোৰ মুখ্য উদ্দেশ্য চুটি ছবিখনৰ জৰিয়তে ৰাইজক এটি বাৰ্তা দিয়া , কোনো কাম কৰিবলৈ লাজ নকৰা ল'ৰাজনক উৎসাহ দিয়া ,
সন্মান  দিয়া ।
ছবিখন অতি সাধাৰণ ভাবে আৰম্ভ হৈ সাধৰণ ভাবেই শেষ হ'ব , কিন্তু একেবাৰে সাধৰণ যেন লগা গোটেই ছবিখন এবাৰ ভালদৰে চাব , আমাৰ অভিনয় ভাল নহ'লেও প্ৰতিটো সংলাপ ভালদৰে শুনিব , মই আশাবাদী অকণমান হ'লেও আপুনি কিবা এটা অনুভৱ কৰিব । 
অহা ১৯ ফেব্ৰুৱাৰী মোৰ বাবে এটি বিশেষ দিন ।
গতিকে এই ১৯ ফেব্ৰুৱাৰীতেই মোৰ সাধাৰণ চুটি ছবিখন আপোনালোকৰ মাজত মোৰ you tube চেনেলটিৰ  ( Manash Pratim Mali ) জৰিয়তে আগবঢ়াম , য'ত জনাই নজনাই মই (মানস প্ৰতীম মালী) য়ো অকমান অভিনয় কৰিছোঁ , লগতে ছবিখনত অভিনয় কৰিছে তম্ময় দাস , আৰু হিমাংশু কলিতাই । সমাজলৈ এটি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাই মই এই চুটি ছবিখন নিৰ্মাণ কৰাৰ প্ৰধান উদ্দেশ্য , গতিকে  সকলোৰে সহায় সহযোগিতা পাম বুলি মই আশাবাদী । 
ধন্যবাদেৰে.......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)