লাহে লাহে বাঢ়ি আহে
আন্ধাৰৰ গভীৰতা।
আৰু মোৰ নিসংগতা
হৃদয়ত বিষাদৰ ঝংকাৰ
ক্ৰমান্বয়ে বাঢ়িব ধৰে।
জগত এতিয়া নিস্তব্ধ আৰু
মই হাতত কলম লৈ উকা ডায়েৰী
পৃষ্ঠাত তোমাৰ স্মৃতিত হাজাৰ
কবিতা লিখিছোঁ।
এতিয়া ৰাতিৰ বুকুত
ডুব গৈ আবদ্ধ হৈ ৰওঁ।
কাৰণ এতিয়া নিস্তব্ধ
ৰাতিৰ লগৰী
তুমি দি যোৱা
স্মৃতিৰ টোপোলা বোৰ।
◼️হুমায়ুন কবীৰ
বকো, কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ