জীৱনটো কথা ভাৱি মমীতাই উপলদ্ধি কৰিছে নিজৰ মাজতেই ।জীৱন কাৰো বাবে থমকি নৰয় ।তথাপিও বাৰে -বাৰে কেতিয়াবা শৈশৱৰ সেই দিনবোৰলৈ হঠাৎ মনত উৰা মাৰে ।একেলগে পল্লৱৰ লগত কটোৱা নিৰ্জন নিৰৱ মূহূৰ্তবোৰে কব নোৱাৰাকৈ বুকু খন তাইৰ বিষাই তোলে । কিয় জানো হৃদয়ত বাজি থাকে নোপোৱাৰ বেদেনাই । মনৰ মাজত ৰিক্ত হৃদয়ৰ দস্তাবেজ সংগোপনে আলফুলে সাঁচি ৰাখিছে ৰং বিৰঙৰ পখিলাৰ পিছে -পিছে দৌৰি ফুৰা সেই সোণোৱালী দিনবোৰ ক্ষণবোৰৰ স্মৃতিয়ে গোপনে ইতিহাসেৰে সজীৱ হৈ আছে।
কিয় বাৰু পল্লৱে সেই প্ৰস্তাৱ দিলে । লগৰ মনজিতৰ হতুৱাই তাইক কিয় ক'লে ?সকলো ব্যক্ত কৰাত তাইৰ জীৱনটোৱে যেন শুণ্য হৈপৰিল ।সেই সময়বোৰ যেন বৈচিত্ৰময় অনুভৱবোৰে আচ্ছন্ন কৰি তুলিলে মন । তাই থিৰাং কৰিলে স্কুলতে সৰু ল'ৰা -ছোৱালীৰ মাজত নিজকে ব্যস্তত ৰাখিব লগতে সামাজিক কাম,লিখা- মেলা কৰিব ।তাই বিয়াত নবহে সদায় কুমাৰী হৈ থাকিব ।
সেইসময়ৰ হাঁহিবোৰৰ মাজত আকাশৰ জোনটো সাক্ষী হৈ আছিল ।সেই সময়ৰ দিন ,মাহ বহুবছৰ পাৰ হ'ল অথচ জীৱনৰ পৰা আজিও মচিব পৰা নাই। নিৰৱে আৱেগিক হৈ উচুপি উঠে ।সৰু কালৰ চঞ্চলতা , সেই পবিত্ৰ হৃদয়ৰ বুজাব নোৱাৰা সুমধুৰ অতীতলৈ পখিলা খেদা দিনবোৰলৈ উভতি যায়।
এমুঠি জোনাক পাবলৈ বহুত হেঁপাহ । এতিয়াও অকলশৰীয়া মনে নোপোৱাৰ বেদনা সহ্য কৰিব পৰা নাই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ