অসমী আইৰ মাতৃভূমিত
গৌৰৱময় জীৱন হ'ল প্ৰতিচ্ছবি।
কাহিনীও নুসুধিবা
হয়টো বুজিবা;
আমাৰ সংগ্ৰামৰ স্থানটি
পৰিচয় মাথোঁন এটাই
আমি সকলোৱেই হিন্দুস্থানী।
নকৰিবা খং, অভিমান
সকলোৱে ৰাখিম
দেশৰ নাম।
উজ্জ্বলি উঠক ভাতৃত্ববোধৰে গঢ়া
সু-বিশাল ধৰ্ম নিৰপেক্ষতাবাদী
সংবিধান গণতন্ত্রত বিশ্বাসী
"আমাৰ ভাৰতবর্ষ"
হওক উজ্জীৱিত,
সকলোৱে অংশীদাৰিত্ব গ্ৰহণ কৰি
লোৱা দিশে আগবাঢ়ো মাথোঁ প্ৰগতিৰ জয়গান।