নতুন ৰূপত | বৰ্ণালী বৰা বৈশ্য

©Admin
0
তোমাক জুমি জুমি চোৱাৰ হেঁপাহে
অনাবিল আনন্দত,
চৌপাশ আৱৰি ধৰে
বুজাব নোৱাৰাকে।

মনৰ প্ৰয়োজন আৰু
ভিন্ন তোমাৰ দৃষ্টিৰূপটো,
জৰ্জৰিত হৈ থকা হিয়াৰ দুকুললৈ
আনন্দেৰে পূৰ্ণতা আনে।

এসাগৰ  হৃদয় জোনাকত
তোমাক স্পৰ্শ কৰাৰ অভিলাসে,
উদ্বাউল হিয়াৰ পদূলিত
ৰঙবিৰঙৰ চিলা উৰে।

আহঃ 
কি যে অপূৰ্ব!
তুমি আৰু 
ভাৱৰ জোনাকী।।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)