যদি বৰষে মাঘৰ শেষ -হেমেন হাজৰিকা

©Admin
0
আমি যেতিয়া পাঠশালাত পঢ়ি আছিলোঁ তেতিয়া পঢ়া কিছুমান কবিতাই এতিয়াও দোলা দি যায় কাহানীও পাহৰিব নোৱাৰা, নজহা,নপমা,  চহা খেতিয়কেও এবাৰ শুনিলেই বুজি পোৱা শব্দ গাঠনিৰে সজোৱা কবিতা সমস্ত আজিও সময় পালে আওৰাওঁ ।তাৰে এটি কবিতা আজি মনলৈ আহিল । কবিতাৰ শিৰোনাম আজি আৰু মনত পেলাব নোৱাৰিলোঁ । যদি বৰষে মাঘৰ শেষ ধন্য ৰজা ধন্য দেশ । মাঘৰ শেষত বৰষুণ পৰিলে হেনো দেশ,ৰজা,প্ৰজা সকলোৰে কাৰণে মঙ্গল । এয়া বাৰু তাৰেই লক্ষণ নেকি ? হ'লে ভালেই আছিল নহ'লে প্ৰকৃতি সৃষ্ট পৰিৱেশে আজি জনগনৰ মাজত যি হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে তাক দুনাই কোৱাৰ প্ৰয়োজন নাই । ক'তো সমবেত হ'ব নোৱাৰি , কাৰোৰে সৈতে আলিঙ্গন কৰিব নোৱাৰি , কৰমৰ্দন কৰিব নোৱাৰি , মুখত মাস্ক অপৰিহাৰ্য অংগ হৈ পৰিল । কেৱল শংকা, দুঃচিন্তাত পাৰ কৰিব লগা হৈছে সময় ।
     এনে অনাহুত সময়ৰ পৰা জনগনে সোণকালে পৰিত্ৰাণ বিচাৰিছে । কিবা এটা ভাল হওঁক , সকলোৰে বাবে পুনৰ আমাক আমাৰ সময়বোৰ উভতাই লাগে । যদি সেই আপ্তবাক্যশাৰী সচা হয় তেন্তে মাঘৰ শেষত পৰা বৰষুণ জাকে উটুৱাই লৈ যাওঁক এই আহুকালবোৰ । আমি সকলোৱে পুনৰ মুক্ত মনে উশাহ ল'ব পাৰিম 
আমাৰ মাজলৈ আকৌ সোণালী সু-দিন আহিব । ৰাতিৰ পিছত দিন, অমাৱস্যাৰ পিছত পূৰ্ণিমা হোৱাৰ দৰে , ৰাতি যিমানেই গধুৰ হয় পুৱাও সিমানেই মধুৰ হোৱাৰ দৰে আমাৰ মাজলৈ সু-দিন আহিব ।
আমি বিশ্ববাসীয়ে বহু  হেৰুৱাই ভাল দিনৰ ফেহুজালি চাবলৈ অধিৰ অপেক্ষাত ৰৈ আছোঁ । সকলোৱে তাকেই কামনা কৰে । মাতৃ সদৃশ প্ৰকৃতিৰ ওপৰত কম অত্যাচাৰ কৰিছোনে ? মাতৃ হ'ল বুলি সন্তানৰ প্ৰতিটো অপৰাধ ক্ষমা কৰিব সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । তাৰ ফলকে আমি ভোগ কৰি আছোঁ সদ্যহতে 
তথাপিও আমাৰ সেই ভাব উদয় হোৱা নাই । কেতিয়াকৈ হ'ব নাজানো ।
এনে অভূতপূৰ্ব পৰিবেশ পৰিস্থিতিৰ বাবে আমি কোনো সজাগ নাছিলোঁ । কিন্তু এটা কথা ভাল হ'ল আমি সতৰ্ক হ'বলৈ সময় পালো । সচেতন হোৱাৰ সময় পালো আৰু অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হ'ব লগা নহ'ল ধৰ্মীয় পুথি সমূহে কয় অথবা আন বিজ্ঞ লোকেও কয় যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হয় , সন্তৰ ওপৰত দুষ্টৰ বীৰত্ব চলে , চৌদিশে অশান্তিময় পৰিবেশৰ সৃষ্টি হয় তেতিয়া সেই পৰিবেশৰ পৰা সাধু সকলক উদ্ধাৰ কৰিবৰ বাবে ভগৱানে কিবা এক অৱতাৰ ধাৰণ কৰি সাধু ,সন্ত, ভগবানৰ ভক্ত সকলক সকলক উদ্ধাৰ কৰিবৰ বাবে কিবা এটা অৱতাৰ ধাৰণ কৰে । ভক্তৰ অধীন ভগৱান । তাৰেই বাৰু প্ৰস্তুতি চলিছে নেকি ?
    কিবা এক অৱতাৰৰ ? নে ধ্বংসৰ দিশে গতি কৰিছে প্ৰকৃতি 
সৃষ্টি হৈছে যিহেতু তাৰ ধ্বংসও অনিবাৰ্য । প্ৰকৃতি এদিন সৃষ্টি হৈছিল আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ আগেয়ে গতিকে এদিন ধ্বংস হোৱাটোও অবধাৰিত । কোনটো শুদ্ধ ইয়াৰ নিশ্চয় কিবা এটা হ'ব । কাৰণ নোহোৱাকৈ কোনো কাৰ্য সংঘটিত নহয় । সেইটো যিয়েই নহওঁক আগলৈ যিটো হ'বলৈ গৈ আছে সেয়া ভাল হওঁক । নহ'লে বহু অশান্তি, কষ্ট আৰু অনিশ্চয়তাত পাৰ হৈছে আমাৰ প্ৰতিটো পল । আমি সদায়ে ইতিবাচক চিন্তা কৰিব লাগে । আমাৰ এটা ইতিবাচক চিন্তাই পৰিবেশটো বহু ভাল কৰি তুলিব পাৰে ।
   ভাল কামৰ সদাই ভাল ফল থাকে । গতিকে ভাল কাম কৰিম তাৰ ভাল ফল আমি নিশ্চয় লাভ কৰিম । ধুমুহা, বৰষুণ, শিলাবৃষ্টি, গাজনি, বজ্ৰপাত,ভূমিকম্প থাকিবই । তাৰ পিছতেইতো ভাল দিন আহিব । এতিয়া মাঘ মাহৰ , ভোগৰ মাহ আনন্দৰ মাহ এনে দিনতে আকাশে বৰষিছে , গতিকে আপ্ত বাক্যমতে সকলোৰে ধন্য হ'ব, ভাল হ'ব সকলোৰে বাবে এদিন সূৰ্য উদয় হ'ব । তাৰেই অপেক্ষাত আমি ৰৈ আছোঁ আওঁৰাই সেই বাক্য যদি বৰষে মাঘৰ শেষ ধন্য ৰজা ধন্য দেশ  ।

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)