ভালপাওঁ তোমাক ০১- উৎপল মৰাং

©Admin
0
মোৰ প্ৰেয়সীৰ লগত বিচ্ছেদ হোৱাৰে পাছত কাকোকেই ভাল নাপাওঁ বুলি মনতে প্ৰতিজ্ঞা কৰিলোঁ । বিচ্ছেদ হোৱাৰ প্ৰায় ডেৰ বছৰ পাৰ হ'ল । কেইবাজনী ছোৱালীয়ে মোক ভালপোৱাৰ কথা কৈছিল । কিন্তু মোৰ কাকোৱেই ভালপাবলৈ মন নাছিল । কিন্তু এদিন হঠাৎ----

: শুভ সন্ধিয়া , মোৰ নাম উৎপল মৰাং । যিহেতু আমি একেই বিভাগৰে , সেইবাবে তোমাৰ সৈতে চিনাকী হোৱাৰ হেতুকে মেছেজ কৰিলো । বেয়া নেপাবা । তোমাৰ নামটো ?
: নাই নাই অলপো বেয়া পোৱা নাই । মোৰ নাম স্বপ্না বৰা ।
: ঠিক আছে । নাম্বাৰটো চেভ কৰি ল'বা ।
: উমম... কৰিলোঁ , তুমিও কৰি ল'বা ।
:Done ....।

          এনেদৰেই আমাৰ কথা বতৰা আৰম্ভ হ'ল । যিহেতু আমাৰ চিনাকী নতুন গতিকে সদায় কথা পতা নহয় । মাজে মাজেহে পতা হয় । নাম্বাৰটো চেভ কৰাৰ পাছত তাইৰ DP ত থকা ফটো কপি দেখিয়েই মই যেন তাইৰ প্ৰেমত পগলা হৈ গ'লো । তাইৰ প্ৰতি মোৰ লাহে লাহে ভালপোৱা বাঢ়িল । আজি ডেৰ বছৰে বান্ধি থোৱা মনটোৱে যেন শিকলি চিঙি তাইৰ কাষলৈ দৌৰ মাৰিলে । এতিয়া মাজে মাজে পতাৰ পৰিৱৰ্তে আমাৰ কথা পতা দৈনিকলৈ পৰিৱৰ্তন হ'ল । কলেজ যোৱাৰ আগতেই বহুত জনৰ লগত চিনাকী হ'লো , কিন্তু তাইৰ লগত চিনাকী হৈ যেন মনতে বৰ বেলেগ সুখ এটা অনুভৱ কৰিলো । খুব কম সময়ৰ ভিতৰতে আমাৰ মাজত এক ভাল বন্ধুত্ব গঢ় লৈ উঠিল । মোৰ সদায় মন যায় তাইক মোৰ মনৰ কথাবোৰ খুলি ক'বলৈ । কিন্তু কলেজলৈ দুদিন গৈয়েনো কেনেকৈ কওঁ তাইক , সেইবাবে কেইদিনমান ৰ'লো । কলেজত ক্লাছৰ প্ৰায় আধা সময় তাইক চাওঁতেই যায় । মই সদায় প্ৰথম বেঞ্চত বহিছিলো । তাই য'ত পাই তাতেই বহিছিল কিন্তু কি জানো প্ৰথম বেঞ্চখনৰ লগত কিবা শত্ৰুতাই আছে নেকি ? এদিনো নবহে । কেতিয়াবা আমাৰ চকুৱে চকুৱে পৰে । তাই হাঁহে লাজতে মুখ লুকুৱাই । প্ৰায় দুমাহ পাৰ হ'ল । তাইকলৈ মোৰ মৰম ভালপোৱাবোৰ বহুত বাঢ়িবলৈ ধৰিলে । মনে মনে কিযানি মই তাইক বহুত ভালপাই পেলালো । কেনেকৈ ক'ম মোৰ কথাবোৰ তাইক । যদি কওঁ তাই মোক মেছেজ নকৰা হ'ব , মোৰ লগত কথা নপতা হ'ব । মোৰ পৰা আঁতৰি যাব । এইবোৰ ভাবি ভাবি এদিন সিদ্ধান্ত লৈ পেলালো যে তাইক মই মোৰ কথাবোৰ ক'ম । লাগিলে যিয়েই নহওঁক । এদিন সকলোবোৰ খুলি ক'লো ।

: ঐ .... ।
: ঔ .... ।
: কি কৰিছা ?
: বহি আছো , তুমি ?
: মই ঠিয় হৈ আছো ।
: Woooo ।
: পিছে হেৰি নহয় ।
: কি নহয় !
: তোমাক কথা এষাৰ কওঁ ।
: কোৱা ।
: বেয়া পাবা নেকি আকৌ ?
: নাই নেপাওঁ তুমি কোৱাচোন ।
: মানে ভই তোমাক ভালপাওঁ । কেনেকৈ কেতিয়া ভালপালো নাজানো । কিন্তু বহুত ভালপোৱা হ'ল তোমাৰ লগত । 
(তাই হঁহাৰ ইম'জি এটা দিলে ।)
: মোৰ হ'বা নে ?
: নাই অ ....।
: কিয় ?
: মোৰ ভালপোৱা আছে ।
: অ ...
: মোক বেয়া নেপাবা । মই গ'ম পোৱা নাছিলো , sorry ....।
(মোৰ মনটো যে কিবা আৱেগে খুন্দা মাৰি একাষত পেলাই দিয়াৰ দৰে হ'ল ।)
: একো নাই দিয়া । মই বুজিছো , ভালপোৱাহে সকলোৰে লগত হ'ব পাৰে ।
: উমমম ....
(তাই আকৌ হঁহাৰ ইম'জি এটা দিলে । )
: বাৰু মই অলপ ওলাই যাওঁ ।
: ক'লৈ যোৱা ? (মই সুধিলো)
: দোকানলৈকে যাওঁচোন কি পাওঁ লৈ আহো ।
(মোৰ হাঁহি উঠি গ'ল)
: উমমম .... যোৱা যোৱা ।দোকানীজনকে লৈ নাহিবা আকৌ ।
: কৃষ্ণ ।
: হ'ব যোৱা । বাই ।
: উমমম ... বাই ।

          তাই যেন মোৰ কথাবোৰ শুনি সেইভাবে ক'লে মোৰ মনটো বহুত ভাল লাগি গ'ল । সকলোৱে এইদৰে যে নাভাৱে ।এই যেন মোৰ ভালপোৱাক অপমান কৰা নাই । মই বুজিলো এই বহুত ভাল ছোৱালী ।
  
          এনেদৰেই আমাৰ কথা বতৰাবোৰ আগবাঢ়িল । সময়ো আগতকৈ বৃদ্ধি হ'বলৈ ধৰিলে । ৰাতি বহু দেৰিৰ লৈকে কথা পাতিবলৈ ধৰিলো । ৰিপ্লাই দিয়া দেৰি হ'লে দুয়ো দুয়োকে অভিমান কৰিবলৈ আৰম্ভ কৰিলোঁ । তাই মোক এজন ভাল বন্ধু বুলিয়েই ভাৱে , কিন্তু মই যেন তাইক ভালপাওঁ তাই বুজিও পায় । দুয়ো দুয়োৰে প্ৰতি খং , অভিমানবোৰ বাঢ়িবলৈ ধৰিলে । বন্ধুত্বৰ সুলভ কথাবোৰ যেন এতিয়া প্ৰেমিক-প্ৰমিকাৰ দৰেই হ'বলৈ ধৰিছে ।

আগলৈ ........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)