পৰচৰ্চা এক সামাজিক ব্যাধি-সবিতা দাস

©Admin
0
সৌন্দৰ্য্যচৰ্চা ,জ্ঞানচৰ্চা ,শৰীৰচৰ্চা সম্পৰ্কে আমাৰ সকলোৰে জ্ঞাত ।বৰ্তমান সৌন্দৰ্য্যচৰ্চা ,জ্ঞানচৰ্চা আৰু শৰীৰচৰ্চাৰ নিচিনা পৰচৰ্চাও কিছুলোকৰ বাবে অভ্যাসত পৰিণত হৈছে ।আমি জানো যে পৰচৰ্চা হ'ল যিকোনো ব্যক্তি  বা এখন ঘৰৰ কথা  জনাই নজনাই ,সঁচাই মিচাই ইজনে -সিজনে  আলোচনা কৰা  এক কথা । এই চৰ্চাই  উপকাৰ সাধনৰ বিপৰীতে  নিজৰ লগতে আনদহজনৰ অপকাৰহে কৰা পৰিলক্ষিত হয় ।পৰচৰ্চাই মানুহজনৰ  বা ঘৰখনৰ ওপৰত বিৰূপ প্রভাৱ পেলায় । পৰচৰ্চাৰ বলি হৈ কিছুমানে মানসিকভাৱে ভাগি পৰে । পৰচৰ্চা কৰা মানুহৰ সংখ্যা নগৰৰ তুলনাত  গ্ৰাম্য অঞ্চলত অধিক ‌।

               সৌন্দৰ্য্যচৰ্চাৰ জৰিয়ত আমাৰ সৌন্দৰ্য্য বৰ্ধন হয় , জ্ঞানচৰ্চাৰ জৰিয়তে আমাৰ জ্ঞান বৰ্ধন হয় আৰু শৰীৰচৰ্চাৰ জৰিয়তে আমাৰ দেহ সুঠাম আৰু নিৰোগী হয়   । কিন্তু পৰচৰ্চাৰ জৰিয়তে আমাৰ কি লাভ হয় ?ইয়াৰ সঠিক উত্তৰ দিবলৈ কোনেও নোৱাৰে বুলি মোৰ মনে কয় । কিয়নো পৰচৰ্চা কৰি  উন্নতিৰ জখলাত বগোৱা কোনো ব্যক্তিকেই মই দেখাই নাই । পৰচৰ্চা সময়ৰ  অপব্যয়ৰ বাদে আন একো নহয় ।

               পৰচৰ্চা কৰা প্রধান বিষয়বোৰ হ'ল -কোনোবা ঘৰৰ ছোৱালীজনী গধূলি দেৰিকৈ ঘৰলৈ উভতিলে ,কোনোবাৰ ছোৱালীজনী  ল'ৰাৰ বাইকত উঠি কলেজ বা অন্যস্থানলৈ গ'লে নতুবা ল'ৰা বা ছোৱালীজনীক বিপৰীত লিংগৰ লগত কৰবাত দেখিলে , কোনোবাই উন্নতিৰ জখলাত বগালে ,কোনোবাৰ ঘৰত ল'ৰা বা ছোৱালী অবিবাহিত হৈ থাকিলে ,কোনোবাৰ ঘৰত  বিবাহ এখন হৈ গ'লে , কোনোবাৰ ঘৰত ল'ৰা-ছোৱালী অন্য ঘৰতকৈ বেছি শিক্ষিত হ'লে ,কাৰোবাৰ ঘৰত ছোৱালী সন্তান থাকি যদি  ল'ৰা সন্তান নাথাকে , আদি। অবিবেচক ঠেক গণ্ডীৰ মানুহে অৰ্থহীন কথাবোৰ ঘৰে -ঘৰে ,বাটে -ঘাটে পাগুলাই থাকি তেওঁলোকে নিজকে মহান দেখাবলৈ চেষ্টা কৰে ‌। যি সমাজৰ বাবে এখন ঘৰৰ বাবে এটা অনিষ্টকাৰী পোক । 

                পৰচৰ্চা এক সামাজিক ব্যাধিৰূপে দেখা দিছে ।এই ব্যাধিৰ পৰা সমাজখনক আমিয়ে মুক্ত কৰিব লাগিব । আমি ঘৰে -ঘৰে ,বাটে-ঘাটে পৰচৰ্চা কৰা সময়খিনিত আপোন মানুহবোৰৰ এটিকৈ খবৰ ল'ব পাৰোঁ। বৃদ্ধ বা ৰুগীয়া পিতৃ-মাতৃৰ ওচৰত বহি কথা পাতি সময় কটাব পাৰোঁ ।নিজৰ সন্তানটিক পঢ়াব পাৰোঁ বা ওচৰতে বহি সন্তানটিয়ে পঢ়া চাই থাকিব পাৰোঁ। কোনোবাই আমাক বেলেগৰ কথা ক'লে আওকাণ কৰি অন্য কথাৰ অৱতাৰণা কৰিব পাৰোঁ ।আমি সদায় আনৰ বেয়া হোৱাটো নহয় ভাল হোৱাটোহে ভবা উচিত । পৰচৰ্চা নহয়  সহায়ৰ হাতত আগবঢ়াবলৈহে  সদায়ে উদ্যত হৈ থকা উচিত । আমাৰ প্রতিদিনে কৰিবলগীয়া বহুত কাম থাকে ,তেন্তে পৰচৰ্চা কৰি মূল্যৱান সময়খিনি কিয় নষ্ট কৰোঁ । আহকচোন পৰচৰ্চা পৰা আঁতৰি থাকি নিজৰ কামবোৰ কৰি গৈ এজন সুস্থ মনৰ অধিকাৰী হওঁ । 

          ------------------------------------------------
✍️সবিতা দাস
মিৰ্জা,কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)