দুটি কবিতা-জ্যোতিশিখা দত্ত

©Admin
0
১) আঘোণ

একোলা দুকোলাকৈ বাঢ়ি অহা
সপোনবোৰে যেতিয়া ডাঙৰীৰ ভাৰ বঢ়াই

জোনহেন মুখবোৰে 
সন্তোষৰ কঠিয়া পাৰে l


২)  পাৰ্থক্য

ট ট কৈ জ্বলি থকা
বেলিটোৱে জানো
হৃদয়লৈ নামি আহি
বুকুৰ আগ চোতাল পোহৰাব পাৰে?

যেনেকৈ আউসীৰ আন্ধাৰেও
পূৰ্ণিমাহেন মুখবোৰ 
ঢাকি ৰাখিব নোৱাৰে l

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)