নিঃসংগতা আৰু মোৰ অভিমান - দিপশিখা ৰাজকোঁৱৰ

Aditi Tanti
0
মোৰ শুকান মৰুভূমিৰ
তুমি এতিয়া আজন্ম প্ৰেমিক
নিশা যিমানেই গভীৰ হয়
বুকুলৈ তুমি সোমাই আহা
আলফুলে মোক মৰম কৰি
মোৰ অভিমান ভাঙা।
এটি কোঠালিত......
নিঃসংগতা আৰু মোৰ অভিমান
উফ... তাতেই মোৰ
হৃদয় উপচি পৰে
নিঃসংগতাৰ মৰমে।
ক'বলৈ আৰু বাকী নাই
নিঃসংগতা যে মোৰ প্ৰিয়
কিন্তু মোৰ এটাই অভিমান অ
নিঃসংগতাই যদি সন্ধিয়াবোৰ
মাতাল কৰি উন্মনা কৰিলে হয়
সেয়া সম্ভৱ নহয়
সেই কথা বুজি পাওঁ বাবেইতো
নিৰৱ হৈ থাকোঁ।
নিঃসংগতাৰ মাজতেই
অভিমান সামৰো গোপনে
নিঃসংগতাৰ সুবাসেই মোৰ
হিয়া আকুল কৰি তোলে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)