মৰ্য্যদা ৯ম খণ্ড | বীণা বৰুৱা

Rinku Rajowar
0
চাহ তিনিকাপ ট্ৰেখনত উঠাই ৰঘুকাইৰ হাতত দি তাই ৰঘুকাইৰ পিছে পিছে গ'ল। ড্ৰয়িং ৰূমৰ চেন্টাৰ টেবুলখনত ট্ৰেখন থৈ ৰঘুকাইক যাব দিলে আৰু তেতিয়াহে তাই প্ৰাচুৰ্য্যৰ বন্ধুজনৰ মুখলৈ চালে আৰু লগে লগে চিঞৰি উঠিল......
         প্ৰাচুৰ্য্যই মানসীক বন্ধু প্ৰণয়ৰ লগত চিনাকি কৰি দিয়াৰ সুবিধাই নেপালে...
         মানসী-----তুমি?ইয়াত কেনেকৈ? তাইৰ বুকুখন ঢপ্‌ঢপাই উঠিল।
         প্ৰণয়----- আৰে মানু তুমি ইয়াত?
         প্ৰাচুৰ্য্য----তাৰমানে দুয়ো দুয়োকে চিনি পোৱা?
         মানসী,প্ৰণয়---অ'!
         প্ৰাচুৰ্য্য---কিন্তু কেনেকৈ?
         প্ৰণয়----মানুৰ ঘৰটো আমাৰ ঘৰৰ  প্ৰায় ওচৰতেই!তাইৰ দেউতাকক আমি খুৰা বুলি মাতো ।
               ভয়ত মানসীৰ বুকু কঁপি থাকিল। এতিয়া যদি প্ৰাচুৰ্য্যই  কিবাকৈ গম পাই তাইৰ অতীতৰ কথাবোৰ! তেতিয়া কি হ'ব তাইৰ?
               প্ৰাচুৰ্য্য--তেনেহ'লে ভালেই হ'ল!মোৰ আৰু চিনাকি কৰি দিয়াৰ পৰ্যায়টো নাহিল। ঠিক তেনে সময়তে প্ৰাচুৰ্য্যৰ ফোনটো ৰিং হ'ল।
               এক্সকিউজ মি! অফিচৰ ফোন। তোমালোকে কথা পাতাচোন মই ফোনটো ৰিচিভ কৰো বুলি প্ৰাচুৰ্য্য বাহিৰলৈ ওলাই গ'ল।
               প্ৰণয়----কেনে আছা মানু??
               মানসী----কেনে দেখিছা?? ভালেই আছো।(কিছু ৰুক্ষভাৱে ক'লে)
               প্ৰণয়----ছৰী হা! প্ৰাচুৰ্য্যৰ পত্নী তুমি বুলি জানিলে মই কিজানি নাহিলোহেঁতেন!
               মানসী----কিয়??
               প্ৰণয়----তোমাৰ শিৰৰ সেন্দুৰখিনিৰ অধিকাৰ মোৰহে আছিল! এতিয়াও মোৰ সহ্য হোৱা নাই।
               মানসী----প্লীজ...সেইবোৰ এতিয়া অতীত।সেইবোৰ কথা নুলিয়াবা।
               প্ৰণয়---- মানসী!তুমি যদি এবাৰ মোক আকোঁৱালি লোৱা মই এতিয়াও তোমাক গ্ৰহণ কৰিম!
               মানসী----কৈছোৱেই ন সেইবোৰ এতিয়া অতীত।
               প্ৰণয়----মই এতিয়াও তোমাক ভাল পাওঁ! তোমাৰ অবিহনে চিৰজীৱন মই বৰলা হৈ ৰ'ম।এবাৰ মোৰ কথা ভাবা!
                  মানসীয়ে কিবা ক'বলৈ মুখ মেলোতেই প্ৰাচুৰ্য্য সোমাই আহি চোফা এখনত বহিল।কিছুসময় মৌনতা! তিনিজন ব্যক্তি মৌন হৈ বহি থাকিল।অসহ্যকৰ সময়খিনি!
                         মানসীৰ ভয়তে বুকুখন বেছি জোৰত ঢপ্‌ঢপাবলৈ ধৰিলে।তাইৰ বুকুৰ ঢপ্‌ঢপনি যেন তাই নিজেই শুনা পালে।মৌনতা ভঙ্গ কৰি প্ৰাচুৰ্য্যই মাত লগালে....
                         "প্ৰণয়, মানসী মই বাহিৰৰ পৰা  তোমালোকৰ কথাবোৰ শুনি আছিলো।তোমালোকে যদি দুয়ো ইজনে সিজনক ভালপোৱা, এতিয়াও বিচৰা মই দুয়োকো মিলন কৰাই দিম স্ব ইচ্ছাই।" প্ৰাচুৰ্য্যৰ মাতটো সামান্য কঁপি উঠিল হৃদয়ৰ যন্ত্ৰনাত।
                             
    মানসীয়ে দুয়োজনলৈ ঘোপাকৈ চাই আছে নিমাত হৈ ।
                             প্ৰণয়----মই মানুক নাপালে চিৰকুমাৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু থাকিমো!
                             প্ৰাচুৰ্য্য----তেন্তে তোমালোকৰ আপত্তি নাথাকিলে মই আগবাঢ়িব পাৰো আৰু প্ৰণয়- এটা কথা কওঁ মানসী যদিও মোৰ পত্নী, সহধৰ্মিনী, আমি যদিও একেটা বেডৰূমতেই শোওঁ তথাপি আজিলৈকে মই মানসীক স্পৰ্শ কৰা নাই! আমি এতিয়াও বেলেগকৈ দুয়ো দুখন বিচনাত.....।কথাখিনি সম্পূৰ্ণ হ'বলৈ নেপালে মানসী চিঞৰি উঠিল....।এয়া মানসীৰ নতুন ৰূপ।শান্ত সমাহিত মানসীয়ে যেন আজি দূৰ্গাৰ ৰূপত অৱতীৰ্ণ।
                             মানসী.....ষ্টপ ইট,  ষ্টপ ইট প্লীজ.....।তোমালোকে মোক কি তোমালোকৰ হাতৰ খেলৰ পুতলা পাইছা? মোৰ মন বুলি,নিজস্ব একো নাই বুলি ভাবিছা নেকি?যে প্ৰণয়ৰ ইচ্ছা হ'ল খেলিলে আৰু খেলা হোৱাৰ পিছত ভাঙি ছিঙি প্ৰাচুৰ্য্যক গটালে আৰু প্ৰাচুৰ্য্যৰ খেলা হ'ল প্ৰাচুৰ্য্যই ভাঙি গুৰা কৰি আন কাৰোবাক গটাব? কি ভাবিছা তোমালোকে মোক হা??লাজ নেলাগে এতিয়া এনেবোৰ কথা ক'ব??তোমালোকে সমাজৰ ৰীতি-নীতিৰ কথা পাহৰি ব্যভিচাৰী হʼবলৈ গৈ আছা কিয়? আৰু মিষ্টাৰ প্ৰাচুৰ্য্য! মোৰ শিৰৰ সেন্দুৰখিনিৰ মৰ্য্যদা আপুনি এনেদৰেহে দিলে?? প্ৰণয় মোৰ অতীত,সেয়া মোৰ ছোৱালী কালৰ গাভৰু মনৰ দুৰ্বলতা।অ' অলপ সময় লৈছো আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিবলৈ সেই বুলিয়ে বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ মাজৰ বেডৰূমৰ মৰম সকলোৱে জনা অথচ গোপনীয়তা থকা কথাবোৰ এনেদৰে আনৰ আগত প্ৰকাশ কৰি আপুনি কি বুজাব বিচাৰিছে? আপুনি যে মহান সেইটো নে আপোনাৰ উদাৰতা?আৰু প্ৰণয় দা হাতযোৰ কৰিছো মোক পাহৰি যোৱা!মোৰ সংসাৰখনত জুই লগাব নুখুজিবা।ছোৱালীকালৰ মোৰ গাভৰু মনৰ চঞ্চলতাখিনি মোৰ ভুল আছিল আৰু হয়তো এনে ভুল গাভৰু কালত প্ৰত্যেকজনী ছোৱালীয়ে কৰে। কিন্তু সেই ছোৱালীয়ে যেতিয়া হোমৰ জুইৰ ওচৰত সমাজক সাক্ষী কৰি শিৰত এজনৰ নামত সেন্দুৰ লয় তেতিয়া পৰাই তাই তেওঁৰ হয়....কৈ কৈ মানসী খঙত ভাগৰত ফোপাবলৈ ধৰিছিল।
                             প্ৰণয়--- মোক ক্ষমা কৰিবা মানসী!মোৰ ভুল হৈ গ'ল। মই আচলতে তোমাক এতিয়াও পাহৰিব পৰা নাই। সঁচা কথা একমূহুৰ্তৰ কাৰণে মই দুৰ্বল হৈ পৰিছিলো। তোমাৰ ভালেই মোৰ ভাল, তোমাৰ সুখেই মোৰ সুখ...
                             মানসী---- ৰ'বা ! (হাত এখন প্ৰণয়ৰ ফালে ডাঙি ক'লে)মোৰ কথা এতিয়াও শেষ হোৱা নাই! মই কাৰো হাতৰ পুতলা হ'ব নোখোজো বুলি কৈছোই।চাদৰৰ আঁচলেৰে চকুদুটা মোহাৰি নাকটো পৰিষ্কাৰ কৰি লৈ প্ৰাচুৰ্য্যক ক'লে- আপোনাৰ যদি মোৰ লগত সংসাৰ কৰি মন ভৰিল তেন্তে মোক মুক্তি দিয়ক ! (তাই হুক হুকাই কান্দি উঠিল।)
                             প্ৰাচুৰ্য্য----মানু মই তোমাৰ ভালৰ বাবেহে....
                             মানসী------কি ভালৰ বাবে হা?কি ভালৰ বাবে? মোৰ ভালৰ বাবেই আমাৰ বেডৰূমৰ স্বামী-স্ত্ৰীৰ গোপন কথাবোৰ বাহিৰৰ মানুহৰ আগত ক'বলৈ কিহে পাইছিল আপোনাক?
 মই কিবা বজাৰৰ পণ্য সামগ্ৰী নেকি?
                             প্ৰাচুৰ্য্য----উফ্ মানু শুনাচোন!
                             প্ৰণয়---(দুয়োৰে ফালে চাই হাতযোৰ কৰি)বন্ধু মই এতিয়া যাওঁ।নিজকে বহুত দোষী দোষী ভাৱ হৈছে। আগতেই যদি জানিলোহেঁতেন এইখন মানসীৰ ঘৰ বুলি হয়তো
 কেতিয়াও নাহিলোহেঁতন। মই অহা বাবেই আজি তোমালোকৰ সংসাৰত আউল লাগিল।বন্ধু! অজানিতেই তোমাকো কষ্ট দিলো,দুখ দিলো ক্ষমা কৰিবা মোক। মই আহো...।(বুলি প্ৰণয় গ'লগৈ।)
                                      মানসীয়ে চাদৰৰ আঁচলেৰে মুখ ঢাকি ফেকুৰি আছিল।প্ৰাচুৰ্য্যৰ বৰ বেয়া লাগিল।তাৰ সহজ সৰল মানুজনীয়ে এনেদৰে কন্দাটো তাৰ যে সহ্য হোৱা নাই!
                                      প্ৰাচুৰ্য্য-----উফ্ মানু শুনানা!
                                      মানসী-----শুনিবলৈ নাই! হাতযোৰ কৰিছো আপোনাক!আপোনাৰো যদি মন ভৰিল মোৰ হৃদয়খনৰ লগত খেলি, মোক মুক্তি দিয়ক! মই অকলশৰে জীৱনটো পাৰ কৰি দিব পাৰিম,মই কাৰো খেলৰ সামগ্ৰী নহওঁ বুলি হুক্- হুকাই কান্দি কান্দিয়েই ক'লে-কাৰো সঁহাৰি  নোলোৱাকৈ অকলশৰে জীৱনটো পাৰ কৰিব পাৰিম মই। সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰত আছে......।
                                          প্ৰাচুৰ্য্যই একো নকৈ দুহাতেৰে মৰমেৰে মানসীক বুকুৰ মাজত জোৰকৈ সাৱটি ধৰিলে।
                                          মানসী----(দুবাহুৰ মাজত থাকি প্ৰাচুৰ্য্যৰ ফালে চাই)আপুনি কিয় মোৰ মনটো বুজি নেপালে?? কিয় আপুনি ইমান মহান হ'ব গ'ল? কিয়? মোক নিজৰ বুলি ভাবি কিয় জোৰকৈ মোৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে? কিয়??কান্দি কান্দি মানসী যেন ভাগৰি পৰিল।
                                               
     প্ৰাচুৰ্য্যই মানসীক বুকুৰ মাজত ৰাখিয়েই তাইৰ মূৰত,কপালত উপৰ্যুপৰি চুমাৰে ওপচাই দিলে।মানসীৰ ওঁঠযুৰি প্ৰাচুৰ্য্যৰ দুওঁঠৰ মাজত বন্দী হৈ ৰ'ল কিছুসময়।
                                               প্ৰাচুৰ্য্য---- মোৰ মৰমৰ পাগলীজনীক আজি বৰ মৰম লাগিছে।আজি বুকু উজাৰি মৰম দিম তোমাক।মৰমেৰেই মৰমবোৰ সম্পূৰ্ণ কৰিম।ব'লা কিবা অলপ খাই লওঁ।আজি আমাৰ বিয়াৰ পিছত প্ৰথম নিশা।আজি শুব নিদিওঁ।উজাগৰি নিশাৰেই ৰাতিপুৱাৰ ন সূৰুযক আদৰিম বুলি হোম থিয়েটাৰত মৃদু সুৰত  তৰুণ তন্ময়ৰ এটা ভাল লগা ৰোমান্টিক গান লগাই দিলে....
                                                         
শেষ হ'ব দিয়া তোমাতেই 
                                                                   মোৰ জীৱন!
                                                                             যুগে যুগে জ্বলিব প্ৰেম
                                                                                       তাৰেই হে পণ!
                                                                                                 মানুহক দেখুৱাই যোৱা
                                                                                                           যে মৰম যুগমীয়া
                                                                                                                     মানুহক বুজাই দিয়া 
                                                                                                                               যে মৰম মোহনীয়া
                                                                                                                                         মানুহক শিকাই যোৱা
                                                                                                                                                   যে মৰম ভাল পোৱা।

(সমাপ্ত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)