ফাগুনৰ বুকুত আজি -শিৱানী বৰুৱা

©Admin
0
উতনুৱা ফাগুন আজি 
পলাশৰ ৰঙেৰে ৰঙীন ।
ধূলিয়ৰীৰ ধূসৰিত আবেলিত ,
পছোৱাৰ চঞ্চল হাঁহি ।
মদাৰৰ পদূলিত ,
সৰাপাতৰ বননিত,
আজি ফাগুনক উষ্ম আদৰণি । 
ফাগুনৰ প্ৰেয়সী মই.,
ফাগুনৰ শুকান পথাৰ
আলিবাটত আজি
উন্মনা পখী ।
ফাগুনক ভাল পাওঁ ;
ফাগুনেই দিলে এটি নতুন জীৱন দান।
বিছাৰি পাওঁ সৰাপাতৰ ঠিকনা ,
শুকান সৰাপাতৰ বুকুত লিখো,
হাজাৰ অনুভৱৰ নোকোৱাৰ কবিতা ৷
ফাগুনৰ পছোৱাজাকৰ মাজেৰে আজি
নিগৰি যায় জীৱনৰ ওঠৰটা বছৰ ..,
ফাগুন ,ফাগুন , ফাগুন,
চৌদিশে মাথো সৰাপাতৰ নাচোন ৷
ফাগুন বুলিলেই চোন মন বলিয়া ,
সৰাপাতৰ বুকুতেই যেন ,
হাজাৰ অনুভৱৰ নোকোৱাৰ কবিতা ৷
                          
✍️শিৱানী বৰুৱা  
আৰোহণ একাডেমী , কাকজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)