চ'ত মাহতে -হিৰণ্যময়ী বৰুৱা

©Admin
0
চ'ততে চকৰি বহাগত বাবৰি
জেঠতে আমনা ধান
কৈয়ে থাকোতে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।
নাচনি ঐ বৰদৈচিলা।

মাকৰ ঘৰলৈ যায় বৰদৈচিলা।
গছপাত উৰুৱাই
ঘৰ-দুৱাৰ উৰুৱাই।

চোতালতে থ'ম কাকৈ ফণীখনি
পীৰাত বহিবা তুমি
সেন্দুৰৰ টেমাটো
তাতে খুলি থ’ম
সেন্দুৰ বোলাই লʼবা
কপালত তুমি।
ধূলি উৰুৱাই নিনিবা তুমি
আঁচল পাতি কৰো কাকুতি।
ডালিম আনি দিম
মন ভৰাই খাবা
অ,মোৰ মৰমৰ সখী।
আইলৈ বুলি তামোল পান দিম
তোমালৈ দিম পাটকাপোৰ গামোচা।
মাধৈ মালতীয়ে সখীয়তীৰ সৈতে

কথা পাতে হাঁহি হাঁহি

চ'ততে ঘূৰে চকৰি।

✍️হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)