নাৰী-গীতাশ্ৰী বড়া

©Admin
0
নাৰী 
এক বিশাল শক্তি
এক স্বতন্ত্ৰ সত্তা 
তুমি মাতৃ জন্মদাত্ৰী
তুমি ভগ্নী মৰমৰ সাক্ষী ।
হে নাৰী...
তোমাৰ লজ্জা তোমাৰ বিবস্ত্ৰ দেহ 
অমানৱীয় পুৰুষৰ খেলৰ পুতলা ।   
কাল কলংকিত সন্তানে
বিবস্ত্ৰা কৰা নাই 
মাথোঁ তোমাক ;
বিবস্ত্ৰা কৰিছে 
আমাৰ সকলোকে 
একবিংশ শতিকাৰ সভ্যতাই । 

 হে নাৰী... 
আজি কোনে দিব তোমাক জীৱনৰ নিশ্চয়তা ,
কোনে দেখুৱাব এন্ধাৰৰ সিপাৰে থকা পোহৰৰ বাট 
ভিক্ষা কৰিব মাথোঁ
পৰ্বতৰ পৰা নিৰ্ভীকতা  
প্ৰকৃতিৰ পৰা মানৱতা
আকাশৰ পৰা উদাৰতা 
মাটিৰৰ পৰা শালীনতা 
নাৰী...
তুমি এক বিশাল শক্তি 
য'ৰ পৰা আৰম্ভ হয় এক স্ৰোতস্বিনী ।।

✍🏻গীতাশ্ৰী বড়া 
একাদশ মানৰ ছাত্ৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)