প্ৰথমে তোমালৈ মোৰ হৃদয়ৰ নিভাঁজ কোণৰ পৰা অলেখ মৰম যাছিলোঁ । আশা কৰোঁ তুমি ভালে আছা। বহু দিন হ'ল তোমাৰ খবৰ নোলোৱা । সেয়ে আজি কলমটো হাতত তুলি ল'লো তোমালৈ চিঠিখন লিখোঁ বুলি। কলমেও চোন আজি শব্দ বিচাৰি পোৱা নাই ! শব্দৰে প্ৰকাশ কৰিব নোৱাৰা মৰম বোৰ সাঁচি ৰাখিছোঁ মোৰ হৃদয়ৰ গোপন কোঠালিত । নাজানো ডাকোৱালে পোৱাইগৈ নে নোপোৱাইগৈ, তোমাক চিঠি খনৰ জৰিয়তে হিয়া উজাৰি দিব বিচৰা একাজলি মৰম । আচলতে কি জানা...? মন যায় ৰঙীন পৃথিৱী খনৰ ৰং বোৰ তোমাৰ সৈতে উপভোগ কৰি সপোন সপোন যেন লগা নীলাভ ব্যঞ্জনাময় পৰশবোৰত বিলীন হৈ পৰিবলৈ। মনত পৰে কেতিয়াবা, সেই দিনটোলৈ, যিদিনা এটি অচিন পক্ষীৰ দৰে তুমি মোৰ হৃদয়ৰ কাষ চাপিছিলা...মৰমৰ বাঁহ বিচাৰি। আৰু , ...আৰু মইও তোমাক আঁকোৱালি লৈছিলোঁ মোৰ নিসংগ জীৱনৰ সংগী ৰূপে। ভাবিছিলো ৰ'দৰ পোহৰে আমাৰ প্ৰেমৰ দলিচাত সিঁচি দিব ৰ'দ মুকুতাৰ মালাধাৰী ...আৰু... আমাৰ প্ৰেমে দুহাত মেলি ল'ব আঁকোৱালি। সুখৰ ঠিকনা বিচাৰি জীবন আগুৱাই যাব.. কত সপোনে পাখি মেলিব, কত সপোনে আকাশ চুমিব.. আৰু এইদৰেই দুটি মন এটি কৰাৰ পূৰ্ণতা প্ৰাপ্তি হব.. । কিন্তু এতিয়া যেন তুমি মোৰ বাবে হৈ পৰিলা এবুকু বিষাদ।অচিন পক্ষীৰ দৰে আহি মোৰ হৃদয়ত প্ৰেমৰ মালা গাঁঠি আকৌ যেন উৰা মাৰি গুচি গ'লা এক অজান প্ৰেমৰ সন্ধানত । বিষাক্ত অতীতবোৰ সুঁৱৰি অশ্ৰুসিক্ত নয়নৰে হিয়া উজাৰি বুকুত বেদনাৰ নৈ বোৱাই থাকিম কিদৰে জীয়াই ভাবিবলৈ বাৰু তোমাৰ নহ'লেনে এবাৰো আহৰি। আজিও মোৰ হৃদয়ে উচুপে তোমাক হেৰুৱাৰ বেদনাত। তুমিতো কোনো দিনেই নুবুজিবা চাগে ন.. মোৰ আকলুৱা হৃদয়খনৰ কৰুণ গাঁথা। এতিয়া যেন তুমি বিহীন জীৱনৰ নীৰৱ সাক্ষী হৈ পৰিছে শিতানৰ সেমেকা গাৰুটি। ...দুধাৰী চকুলো দুগালেৰে বৈ মোহাৰি নিয়ে উকা কাগজত কলমে চিয়াহী বোৱাই লিখি যোৱা আখৰবোৰ। তাহানিৰ সপোন যেন লগা দিনবোৰ আজি মাথো মোৰ সোঁৱৰণী। জানো... এতিয়া যে তুমি মোৰ নহয়, তথাপি মোৰ ভগ্ন হৃদয়ে সদায় বিচাৰে তুমি ভালে থাকা... ।
...আজিলৈ সামৰিছোঁ।
ইতি,
তোমাৰ অচিনা শুভাকাংশী......
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ