আকাশ ভাঙি নামি আহিছিল
এজাক ৰিমজিম বৰষুণ ,
মাজে মাজে আকৌ দেহ - মন শীতল কৰি তোলা বতাহজাক।
সেই বৰষুণজাকৰ নিশাটোতে
লিখিছিলোঁ তোমালৈ বুলি
এটি সৰু কবিতা
বৰষুণজাক যিমানেই বাঢ়ি গৈছিল
সিমানেও বাঢ়ি গৈছিল
তোমালৈ বুলি লিখা কবিতাটোৰ
এটি এটিকৈ বহু শব্দ ।
ৰিমজিম বৰষুণ জাকতেই
ভাঁহি আহিছিল তোমাৰ প্ৰতিচ্ছবি ,
তাৰ মাজতেই যেন বিচাৰি পাইছিলোঁ
তোমাৰ উপস্থিতিৰ আভাস ।
মাজনিশাৰ সেই বৰষুণ জাক
কিবা আপোন আপোন লাগি গ'ল ,
তুমি কাষত নাথাকিলেও
সেই বৰষুণ জাকৰ মাজতেই
বিচাৰি পালোঁ তোমাক আৰু
জীপাল বৰষুণ জাকে জগাই তোলা মোৰ মনটোক ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ