যুদ্ধই সমাধান নহয়-সুশান্ত দাস

যুদ্ধ-বিগ্ৰহ নহয় সমাধান
যুযুৎসা এৰা হে মানৱ,
শান্তিৰ বাতাবৰণ অনা ঘূৰাই
তুমিও নহ'বা দানৱ!

জীৱশ্ৰেষ্ঠৰ সন্মান লৈ
সম্ভ্রম লভিলা মনত,
ঈশ্বৰে স্ৰজিলে এই ধৰালৈ
যুগোচিত হোৱা হে মানৱ।।

আদিমতাৰ সেই সাজ খুলি লৈ
ৰচিলা অটব্য সৃষ্টি;
প্ৰাচীনতাবোৰ কৰিলৈ ম্লান
সলনি কৰিলা দৃষ্টি।।

হে মহান মহান মানৱ
জীৱ শ্ৰেষ্ঠ তুমি,
দণ্ড-খৰিয়াল সামৰা সৱে
ঐক্যতা কৰা সৃষ্টি।।

মন প্ৰাণ খুলি গোৱা সকলোৱে
গীত আনন্দ হৰ্ষৰ;
ধন্য ধন্য তুমিহে মানৱ
জীৱশ্ৰেষ্ঠৰ তুল্য।।

মহা মহা মানৱে কৰিলে
জ্ঞান সংস্কৃতি প্ৰসাৰ,
এতিয়া আমি কৰিব লাগিব
আকৌ জ্ঞানৰ সঞ্চাৰ।।

যুদ্ধ কৰিলে সমাধা নহয়
সকলো অপক্ক কৰ্ম,
শান্তিৰ বৃষ্টি কৰা হে মানৱ
মানৱতাই মূল ধৰ্ম।।

যুদ্ধই জানো সমাধান নহয়
যুযুৎসাইহে প্ৰসাৰিব ভেটি,
যৰ্থাথ্যতাৰ দোদুল্যমানতাত 
মানৱী জনম নহ'ব সিদ্ধি।।

গৰ্ব-অহংভাৱ এৰা হে মানৱ
সম্যক দৃষ্টিৰে চোৱা;
ঐক্যতাক অভিপ্ৰায় কৰি তুমি
জীৱশ্ৰেষ্ঠ আচৰণ কৰা।।

মানৱী জীৱন দুদিনীয়া যেন
কচু পাতৰ পানী,
যিমান দিন জীয়াই থাকা
শান্তিৰে থাকা তুমি।।

যুদ্ধই যেন সমাধান নহয়
নহয় বিবাদ মীমাংসা,
আনৰ জীৱন ধ্বংসৰ অস্ত্ৰ
যুদ্ধ মানেই জিঘাংসা।।

জীৱশ্ৰেষ্ঠ তুমি হে মানৱ
সংসাৰ যাত্ৰী তুমি,
সৃষ্টি কৰিলে সুন্দৰ ৰূপৰ
ধ্বংস নকৰিব তুমি।।

অটব্য অৰণ্য মানৱ সমাজৰ
ঐক্যতাৰ ডোলেৰে বন্ধা,
যুদ্ধ বিগ্ৰহে প্ৰসাৰিব অনৈক্য
পাতিব ৰক্তৰ মেলা।।

যুদ্ধই কোনো সমাধান নহয়
নকৰা যেন হে মানৱ,
নৃতত্ত্ব জ্ঞান গ্ৰহণ কৰিও
নোহোৱা যেন কোনো দানৱ।।

ৰচা ৰচা আনন্দৰ পৃথিৱী
শান্তি কৰা প্ৰতিষ্ঠা,
আমি মানৱ জীৱৰ উত্তম
এৰিব লাগিব যুযুৎসা ।।

Post a Comment

Previous Post Next Post