মহৌষধ -দেৱ দাস

Aditi Tanti
0
“ কোন ঐ সেই কিটা(কেইটা)? কি কৰিছ তাত ?”
 গ্ৰীলৰে আবৰা বাৰান্দাৰ এন্ধাৰ চুক এটাৰ পৰা প্ৰশ্ন এটা ওলাই গ'ল। 
 “ আ..মি ” 
দোৰোল খোৱা জিভাৰ সমবেত চুটি উত্তৰ এটা লগে লগে ওফৰি আহিল।
  “ আমি? কোন আমি ? কʼৰ আমি ? কিয় আমি ??” চৌহদৰ ভিতৰ ফালে ৰুৱা কিন্তু পদুলিত থকা বাঁহৰ তোৰণ খনৰ পৰা বাহিৰ ফালে ওলমি,ৰাস্তাৰ চুকটোত ছাঁ পেলাই এন্ধাৰ কৰা, কাগজ ফুল জোপাৰ তলত একেলগে পেচাব কৰি থকা , কোনোবা ‘আমি’ লৈ পুণৰ প্ৰশ্ন কৰি উঠিবলৈ লওঁতেই লাখুটিডাল পৰি খুতুংকৈ শব্দ এটা হ'ল। ‘বুৰা ফিটিং হৈ গ'ল, ফুট ফুট ’ বুলি কৈ কোনোবা দুটা বেগা বেগিকৈ গুছি গ'ল।
   পত্নীৰ মৃত্যুৰ পিছৰে পৰা অকলশৰীয়া হোৱা, এছ এছ বিৰ অৱসৰপ্ৰাপ্ত বিষয়া মন মোহন শইকীয়াই অকালতে বৰপুত্ৰকো হেৰুৱালে। শিক্ষয়িত্ৰী বোৱাৰী তৃষ্ণা, দুগৰাকী কন্যাৰ লগতে, বৰপুত্ৰ বিদ্যুতে গঢ় দি যোৱা অনাথ আশ্ৰম খনৰ বৃহৎ পৰিয়ালটোক লৈ অত্যন্ত ব্যস্ত। সৰু পুত্ৰ-বোৱাৰী গুৱাহাটীতে নিগাজীকৈ থাকিবলৈ লৈছে। বহুদিন অনাথ সকলৰ লগতেই সাধু কোৱা, নাচ-গানত সহায় কৰা, খেল-ধেমালিৰ লগ হোৱা,বজাৰ কৰা, তদাৰকী কৰা আদিত ব্যস্ত আছিল। আজিকালি ডাঙৰ হোৱা অনাথ বোৰে শইকীয়াৰ সঙ্গ নলয়। আতঁৰি ফুৰে। পঢ়া, ক্ৰিকেট খেলা, টিভি চোৱা , গান-বাজনা, ছবি অঁকা আদিত ব্যস্ত থাকে। 'এইটো নকৰিবি, সেইটো কৰ' বুলি কলে ‘ ফটা লেকচাৰ' দিয়া বুলি চাইদ কাটে। বোৱাৰীয়েও শহুৰেকৰ কষ্ট হয় বুলি দায়িত্ব বোৰৰ পৰা অব্যাহতি দিলে। জুমৰ মাজত থাকিও অকলশৰীয়া মানুহজনে পাৰ্ট টাইম বনকৰা মানুহ এজনী ৰাখিছে। তাইয়ে তেওঁৰ ৰন্ধা-বঢ়াৰ পৰা সকলো কামেই নিয়াৰিকৈ কৰে। প্ৰাতঃভ্ৰমণৰ লগতে লাফিং ক্লাবৰ পৰা অহাৰ পৰাই ৰাতি শোৱালৈকে কৰিব লগা একো কামেই নাথাকে।সময় নাযাই নুপুৱায়। চৌহদটোত মানুহ বহুত কিন্তু দুখ-সুখৰ কথা এষাৰ পাতিবলৈও মনে মিলা মানুহ এটাৰ অভাৱ। বাতৰি কাকত খন বা কিতাপ এখন পঢ়িবলৈ ললে টোপনিয়ে হেঁচা মাৰি ধৰে , কিন্তু বিছনালৈ গলে টোপনি পলাই পত্ৰং দিয়ে।
       কেইবছৰমান আগতে এদিন আশ্ৰমৰ ছোৱালী এজনীৰ সম্পৰ্কীয় মোমায়েক, চিলাছ নামৰ মানুহ এটা দূৰৈৰ ভিতৰুৱা গাওঁ এখনৰ পৰা কাণি-মুনি গধুলি আহি ওলাইছিলহি। ওভতি যোৱাৰ উপায় নথকাত, দিনত ল'ৰা ছোৱালী বোৰে ব্যায়াম কৰা , লুডু, কেৰম ,ডবা আদি খেলা মুকলি ঘৰটোৰ মজিয়াতে ৰাতি শোৱাৰ ব্যৱস্থা কৰি দিছিল। ৰাতি সন্দেহ ভাঙিবলৈ পুলিচৰ দৰে জেৰাও কৰিছিল। বিশ্বাস জন্মাত বহু কথা পাতিছিল। স্কুলত পঢ়ি থকা সময়ত চʼত বহাগ মাহত জাক ফুৰা গৰুৰ লগত গৈ দুই তিনি দিনলৈ ওভতি নহা হালোৱা আৰু দমৰা গৰু বিচাৰি গৈ ভোকে পিয়াহে পথাৰৰ চপৰাত উজুতি খাই নখ ছিঙি, খোজ কাঢ়িব নোৱাৰা হৈ কাৰোবাৰ পাম ঘৰত ৰাতি কটোৱা ; ৰিণিকি ৰিণিকি দেখা, দূৰৈত চৰি থকা গৰুবোৰৰ মাজৰ এটাক ঘৰৰটো বুলি গৈ গৈ ওচৰ পাইহে বেলেগ গৰু বুলি গম পোৱা, ৰাতি ধনগুলৈয়ে আধামুৰি জুই হৈ পিছে পিছে খেদি আহি থকা কিন্তু ধৰ্মত থকা বাবে ক্ষতি নকৰা, এটকাৰ ভাৰাত বল খেলিবলৈ গৈ ঘুৰি আহোঁতে পথাৰৰ মাজত পৰুৱাই পাই এন্ধাৰত একে ঠাইতে লগৰটোৰ সৈতে দুপৰ নিশালৈ ঘুৰি ফুৰা আদি কথাবোৰৰ নিৰৱ শ্ৰুতা এজন পাই হেপাহ পলোৱাই পাতিছিল। ভাত খোৱাৰ আগে আগে পগলা পানী অকন খাইলৈ ৰিম জিম লগাত, স্কুলৰ কাষত থকা বৃটিছ চাহাবৰ বগী ছোৱালী জনী ভঙাবলৈ নাৰায়ণ কলিতাৰ লগত গৈ বেজৰ পৰা মোহিনী মন্ত্ৰ আনি ‘যিয়ে ভঙাব পাৰিব তাৰে হ'ব’ বুলি পানী , ফুল , তেল জাৰি লগাই দিবলৈ দিয়া গাৱৰ ছোৱালী জনীয়ে ফাঁকি দি পইছা খাই নিজে আহিবলৈ মন মেলা ; ৰাতি তাবিজ পুতিবলৈ গৈ কেনেকৈ কুকুৰৰ কামোৰ খাইছিল, চকিদাৰৰ ফৰ্মুটি মৰা লাঠিৰ কোব ক'ত লাগিছিল ; ভুল মন্ত্ৰ দিয়াৰ বাবে এন্ধাৰত বেজক দুয়ো চেকনীৰে কোবাওঁতে ভূতে পোৱা বুলি কাপোৰে কাণিয়ে হগা আদি বোৰ কৈ শেষ নহৈছিল। পিছদিনা যাবলৈ ওলোৱা চিলাছক একেবাৰেই ৰাখি দিছিল। আগভাগ লৈ তাক সংসাৰ পাতি দিয়াৰ পিছত সি আজি কালি ওচৰৰে ভাৰা ঘৰত থাকি ৰিক্সা চলায়। মদ খাই ৰাতি পলমকৈ ঘৰ সোমায়।
    শইকীয়া আকৌ অকলশৰীয়া হ'ল।বয়সো বাঢ়িল। টি ভি চালে মূৰ বিষায়, ৰেডিঅ' শুনে। গুৰুপাকী ভোজন, পানী দুনী বাদ পৰিল, কিন্তু সন্ধিয়া বাৰান্দাৰ চুকটো আৰু কেইটামান মদাহীলৈ প্ৰতীক্ষায়েই সঙ্গী হৈ পৰিছে। সন্ধিয়া সমূখৰ বাটটোৰে বহু মানুহ অহা যোৱা কৰে কিন্তু কামৰ পিছত পগলা পানী খাই ঘৰলৈ ওভতা দুষ্ট ল'ৰা দুটা মানৰ দুষ্টামী ভৰা উত্তৰ কেইটামান নুশুনা লৈকে আজিকালি ভাত খাবলৈ মন নোযোৱা হৈছে।.....
       এদিন
      “কোনঐ সৈটো?”
      “মই.....”
       “তহঁতৰ গাঁৱৰ কোনোবা ছোৱালী ৰাতি পলাই গৈছে নেকি অ’?”
     “ কিয় ? আপোনাৰ আনিবলৈ মন আছিল নি?.....”
    আন এদিন
    “ঐ তহঁতৰ গাৱঁৰ কোনোবাই বেলেগৰ মাইকী লৈ পলাইছে নেকি ঐ? .........
      “ কিয়? আপোনাৰ বুৰিটো ঘৰত নাই নি?.... 
 ----বেলেগ দিন
     “ৰাতি তহঁতৰ ফালে ধুমুহা-বৰষুণ দিছিল নেকি ঐ?”
   “কিয়, উজানৰ বুকু ৰঙা কাৱৈ ধৰিবলৈ যোৱা মন আছিল নি”?
      তেনেকৈ
“ঐ তহঁতে ভাং খাই আহিছ নেকি?"
  “আপোনাৰ ভাগটো থৈ আহিছুং”
ইত্যাদি ইত্যাদি।
**************
   এই মদাহী কেইটাৰ পোহাৰী চুপতি উত্তৰ কেইটাকে শুনিবলৈ আজি কালি সন্ধিয়াৰ পৰা পৰ দি থাকে । শুনিলে হজম আৰু টোপনিৰ মহৌষধ খোৱা যেন লাগে।
****"""****"""""******"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)